লখিমপুৰ , ২২ ডিচেম্বৰ ::সৰ্বস্তৰৰ লোকৰ সৰ্বাঙ্গিন উন্নয়নৰ শ্লোগানেৰে অসম চৰকাৰে ৰূপায়ণ কৰা কাৰ্যসূচী হিচাপে মাইক্ৰ’ফাইনেসনৰ অধীনৰ শিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ, পুনৰ সংস্থাপন অনুদান, প্ৰান্তিক মূলধন প্ৰদান আৰু নতুনকৈ নিৰ্বাচন কৰা শিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়নৰ আনুষ্ঠানিক কাৰ্যসূচী আজি লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত এক বিশাল জনসমাবেশত ৰূপায়ন কৰা হয়৷ এই বিশাল জনসমাবেশত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি কয়- “কংগ্ৰেছৰ শাসন কালত ৰাজ্যবাসীৰ মনত এনেকুৱা এটা ধাৰণা গঢ় লৈ উঠিছিল যে টকা দিলেহে যিকোনো চাকৰি পায়৷ আগতে মন্ত্ৰী বিধায়কৰ সন্তান, অঙহী-বঙহী বা আত্মীয়ইহে অসম লোকসভা আয়োগৰ চাকৰি পাইছিল, বিষয়াৰ ল’ৰাহে মেজিষ্টে˜ট হৈছিল, আগৰ কংগ্ৰেছৰ সেই দিন এতিয়া আৰু নাই ” বিজেপি চৰকাৰৰ যোৱা চাৰে তিনি বছৰীয়া কাৰ্যকালত কথা আৰু কামৰ কোনো প্ৰভেদ নৰখাকৈ ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি আহিছো আৰু এনে উন্নয়নৰ বাতাবৰণ গঢ়ি উঠাৰ বাবেই ৰাজ্যৰ উজনি অসমৰ আটাইতকৈ পিছপৰা লখিমপুৰ আৰু ধেমাজি জিলা বিকশিত জিলালৈ পৰিৱৰ্তন হৈছে৷ লখিমপুৰ জিলাখনৰ চুকুলিভৰীয়াস্থ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ সভাস্থলীত উপস্থিত হৈ অসম চৰকাৰে ৰূপায়ণ কৰা “বিকাশৰ ১২ দিন” কাৰ্যসূচীৰ অংশ হিচাপে লখিমপুৰ জিলাৰ মাক্ৰ’ফাইনেসৰ অধীনৰ হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ, পুনৰ সংস্থাপন অনুদান আৰু নতুনকৈ নিৰ্বাচিত কৰা হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীত ৰূপায়ন কৰা হয় । মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ প্ৰায় ১৬ লাখ মহিলাৰ ঋণৰ বোজা ৰাজ্য চৰকাৰে আতৰাবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰে৷ মাইক্ৰ’ফাইনেসৰ এনে ঋণৰ বোজাত ভাৰাক্ৰান্ত লখিমপুৰ জিলাৰ ২ লাখ ২১ হাজাৰ ৯৪৯ গৰাকী মহিলা আজিৰে পৰা ঋণৰ বোজাৰ পৰা মুক্ত হ’ল বুলি মন্তব্য কয়- জিলাখনৰ এই বৃহৎ সংখ্যক মহিলাই মাইক্ৰ’ফাইনেসৰ পৰা ২৫ হাজাৰ টকাকৈ ঋণ লৈছিল৷ চৰকাৰে এই ঋণৰ বাবদ সংশি¡ষ্ট বেংকক ২৯১ কোটি টকা জমা দিব লগা হৈছে বুলি ভাষণ প্ৰসংগত ঘোষণা কৰে৷ আনহাতে আৰু একাংশ মহিলা ৫০ হাজৰকৈ ঋণ লৈ দুই -এটা কিস্তিহে পৰিশোধ কৰিছে৷ তেওঁলোকৰ ঋণ ৰেহাইৰ বাবে প্ৰয়োজন হোৱা ২২৩ কোটি টকা ইতিমধ্যে চৰকাৰে বেংকত জমা দিয়ে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে৷ এনেদৰে ৰাজ্যৰ প্ৰায় ১৬ লাখ মহিলাৰ ঋণৰ বোজা আতৰোৱাৰ চৰকাৰৰ এনে পদক্ষেপৰ জৰিয়তে মহিলাসকলক উপকৃত কৰিছে৷ তাৰোপৰি ৰাজ্যখনত বানত বিধস্ত পৰিয়াল আৰু কৃষি কাৰ্যৰ ক্ষতি হোৱা পৰিয়াল সমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ হিচাপে ৰাজ্য চৰকাৰে ৩৫০ কোটি টকা বেংক একাউণ্টত প্ৰদান কৰিছে৷ মহিলাসকলৰ সৱলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰামীন জীৱিকাৰ অভিযানৰ ৰূপায়ণৰ নামত ৩৫৪ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰে৷ লখিমপুৰ জিলা আয়ুক্ত প্ৰনৱজিৎ কাকতিয়ে আদৰণি ভাষণ আগবঢ়োৱা বিশাল জনসমাবেশখনিত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ আজাদত ১৫ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চৰকাৰী আইন মহাবিদ্যালয়খন ভাৰ্চোৱেলি উদ্বোধন কৰাৰ উপৰি লখিমপুৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত এখন বি. এচ. চি. নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠান, বগীনদীত ১৫ কোটি টকা ব্যয় সাপেক্ষ সাতশ আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ শিলানিয়াস কৰে৷ আজিৰ সভাতেই মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ মুঠ ৩৭ টা বিধান সভা সমষ্টিৰ মুঠ প্ত লাখ শিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড বিতৰণ কৰি ঘোষণা কৰে যে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে গাওঁবুঢ়া, মৌজাদাৰৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ লোৱাৰ প্ৰয়োজন নহ’ব আৰু মহাবিদ্যালয়ত অধ্যয়ন অথবা বিশ্ববিদ্যালয়ত চিকিৎসাৰ ক্ষেত্ৰত ৰেচনকাৰ্ড দাখিল কৰিলেই ৫ লাখ টকা পৰ্যন্ত এই সুবিধাখিনি লাভ কৰিব পাৰিব৷ আনহাতে আজি মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ পানীগাঁওৰ নিকটৱৰ্তী ফটাসুঁতি ঘাটত ২৬কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলঙখন আনুষ্ঠানিকভাৱে ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে৷ উল্লেখ্য যে ৰঙানদী পৰীয়া নামনি অংশৰ ৰাইজৰ বহুদিনীয়া সপোন এই দলঙখন ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়ত ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল৷ অসম চৰকাৰৰ ৰাজ্যিক স্ব-প্ৰাধান্য উন্নয়ন ২০২০-২০২১ আঁচনিৰ অধীনত ২৬ কোটি টকা ব্যয় সাপেক্ষ লখিমপুৰ, তেলাহী আৰু নাওবৈচা উন্নয়ন খণ্ডৰ বৃহৎ এলেকা সংযোগ কৰা পানীগাঁও, খাৰকাটি, আহোমনি পথৰ ৰঙানদীৰ ফটাসুঁতি ঘাটৰ ৩৭৫ মিটাৰ দৈৰ্ঘৰ দলঙখন আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাত স্থানীয় ৰাইজ উৎফুলিত হৈ পৰিছে৷

Home অসম আৰু উত্তৰপূব ৰাজ্যত এতিয়া আন্দোলনৰ পৰিৱেশ হ্ৰাস পাইছে’, শিক্ষাৰ পৰিৱেশৰ উন্নতি ঘটিছে ডঃ হিমন্ত...