লখিমপুৰ, ৪ জানুৱাৰী – লখিমপুৰ জিলাৰ নাওবৈছাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নাওবৈছা মাজগাৱঁত আজি পুৱা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হয় । ঘটনা সন্দৰ্ভত জানিব পৰা আজি পুৱা লখিমপুৰ নগৰৰ দিশৰ পৰা গৈ থকা AS 03 CC 4213 নম্বৰৰ বলেৰ উই’প্ৰৰ গাড়ীখনৰ লগত বিপৰীত দিশৰ পৰা অহা AS01CC9080 ট্ৰাক মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বলেৰ উইপ্ৰৰ চালক জন। নিহত লোকজন যোৰহাট টিয়কৰ বসন্ত বৰা বুলি জানিব পৰা গৈছে । নিহত বসন্ত বৰা যোৰহাট টিয়কৰ পৰা অৰুণাচল প্ৰদেশলৈ গৈ থাকোঁতেই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ।ইতিমধ্যে নাওবৈচা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ।লখিমপুৰত হিট এণ্ড ৰানৰ ঘটনা ; উদণ্ড যুৱকৰ বাহনে মহতিয়ালে দুজনক  নৱবৰ্ষৰ প্ৰথম নিশাই লখিমপুৰ নকাৰীত এক হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হয় । নকাৰীত তিনিআলিত সংঘটিত এই ঘটনাত দুজন লোক গুৰুতৰ ভাবে আহত হয় । প্ৰাপ্ত ঘটনা মতে ১ জানুৱাৰীৰ নিশা নকাৰীত AS12 7773 নম্বৰৰ এখন বিলাসী বাহনে পথৰ মাজত থকা দুগৰাকী পথচাৰিক খুন্দিয়াই আহত কৰাৰ লগতে এজনক মহতিয়াই নিয়ে । দুৰ্ঘটনাত সুৰেন গুৱালা,আৰু চুমী গুৱালা নামৰ দুজন লোক গুৰুতৰ ভাবে আহত হয় । আনহাতে মাধুৰ্য হাজং নামৰ এজন লোকক মাৰধৰ কৰে । ঘটনা স্থলীৰ সমীপত থকা চি চি টি ভিৰ কেমেৰাত উক্ত ঘটনা বন্দী হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে । লখিমপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।