লখিমপুৰ,৮ জানুৱাৰী ; লখিমপুৰৰ বাপখাটত অসম আদর্শ গ্ৰাম যোজনাৰ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।এই আঁচনীত ৪৯ লাখ টকীয়া এটি প্রেক্ষাগৃহ ৰাজহুৱা কাৰ্যৰ উপযোগী হোৱাকৈ নির্মাণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে নাওবৈছা উন্নয়ন খণ্ডৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু ইয়াৰ প্ৰতিলিপি লখিমপুৰ জিলা আয়ুক্ত আৰু সাংসদলৈ প্ৰেৰণ কৰিছে । ৰাইজৰ অভিযোগ – অঞ্চলটোৰ বাপখাট গাঁৱত নির্মিয়মান ৪৯ লাখ টকীয়া প্রেক্ষাগৃহটি যি ধৰণে নির্মাণ কৰিছে সেইধৰণে হৈ উঠিলে গ্রাম্যা অঞ্চলত সচৰাচৰ হৈ থকা কিছুমান সাংস্কৃতিক অনুষ্ঠান যেনে স্থানীয় থিয়েটাৰ, নাটক, ৰাস অথবা সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ ৰাইজ অসমর্থ হ’ব।এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে এক সু পৰিকল্পিত আচনীৰ পৰিকল্পনা কৰি চৰকাৰী পুজিৰে নিৰ্মান কৰি থকা প্রেক্ষাগৃহটি সকলো কামতে ব্যৱহাৰ নোহোৱাকৈ নিৰ্মান কৰাতো উচিত যদিও বৰ্তমান যিদৰে প্ৰেক্ষাগৃহটো নিৰ্মান কৰা হৈছে সেয়া অতি দুভাগ্যজনক । প্রেক্ষাগৃহটিৰ কাম আৰম্ভ কৰাৰ আগতেই ৰাইজে বিভাগীয় বিষয়াক প্ৰেক্ষাগৃহ আহল বহলকৈ তথা উন্নত মানদণ্ডৰে নিৰ্মাণৰ দাবী জনাইছিল যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে । অন্যহাতেদি বিভাগীয় অভিযন্ত্ৰা গৰাকীকো অৱগত কৰা হৈছিল যদিও তেওঁও কোনো গুৰুত্ব নিদি নিম্ন মানদণ্ডৰে কাৰ চলাইছে । আদৰ্শ গাৱৰ নামত এখন নির্মান কমিটিৰ নামত ঠিকাদাৰী কৰি ” ভেণ্ডৰ ,ঠিকাদাৰে চৰকাৰী আচনিৰ নামত ধন শৰাধ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ তুলিছে ৰাইজে । যত কামৰ মানদণ্ড ক্ষেত্রতো বহু প্রশ্নৰ উদয় হৈছে। চৰকাৰী আচনি ৰূপায়নৰ নামত যাতে পূৰ্বৰ নিচিনাকৈ চৰকাৰী ধনৰ সৰাধ নহয় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰী কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে । বিভাগীয় ভাবে উন্নয়ন খণ্ডই বৃহত্তৰ বাজহুৱা স্বার্থত প্রেক্ষাগৃহটি সময় থাকোতেই নতুন পৰিকল্পনাৰে আহল বহলকৈ নিৰ্মান কৰি বাইজক উপকৃত কৰিবলৈ দাবী জনাইছে ৰাইজে । উল্লেখ যে ৰাইজে , বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত সাংসদ, জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে । বাপখাটত বিগত বৰ্ষৰ ৪ ডিচেম্বৰত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত দিহিং গোঁসাই খাত গাঁৱত ৪৯ লাখ টকাৰে নিৰ্মান হব লগীয়া প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন জিলা আয়ুক্ত লাচিত কুমাৰ দাসে ।