গুৱাহাটী,২৯ জানুৱাৰী : তিনিটা দশকৰো অধিক সময় অসমৰে সংযুক্ত হৈ থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি বিদায়ী পৰত কিছু আবেগিক হৈ পৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আজি বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। আৰম্ভনীতে জি পি সিঙে শ্বহীদ বেদীত অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে বিদায়ী সঞ্চালক প্ৰদান জি পি সিঙক আদৰণি জনায়। অনুষ্ঠানত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে। অসম আৰক্ষীৰ তৰফৰ পৰা আকৰ্ষণীয় কুচ-কাবাজৰ লগতে নিয়ম অনুসৰি বিদায়ী সঞ্চালক প্ৰধানগৰাকীক বিদায় সম্ভাষণ জনায়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে বিদায়ীপৰত দিয়া অন্তিমটো ভাষণত জি পি সিঙে কয় – “মা কামাখ্যাৰ আৰ্শীবাদত মই অৰু মোৰ পৰিয়ালটো সদায় সুৰক্ষিত হৈ আছো আৰু আজিৰ এই পৰ্যায়ত উপনীত হ’ব পাৰিছো। অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মই তেওঁলোকৰ সহায়-সহযোগীতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। অসম আৰক্ষীৰ ঐতিহাসিক দুশবছৰ বছৰীয়া সম্পূৰ্ণ কৰাৰ সময়ত হৰমীট সিঙে দায়িত্ব লৈ বহুকেইটা বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ এই ঐতিহাসিক ক্ষণৰ অংশদাৰী হ’বলৈ পাই মই সুখী অনুভৱ কৰিছো। মোৰ এই যাত্রাত মোৰ পত্নী আৰু মোৰ দুগৰাকী জীয়ৰীয়ে সদায় সহযোগ কৰিছে। মই মোৰ কাৰ্যকালত পোৱা প্ৰতিগৰাকী মুখ্যমন্ত্ৰীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ। হিতেশ্বৰ শইকীয়া , ভূমিধৰ বৰ্মন , তৰুণ গগৈ , সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছো। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই কথাৰে ব্যাখা কৰিব নোৱাৰো। আজি পুৱাৰ ভাগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰলৈ আহি মোৰ পৰিয়ালক সাক্ষাৎ কৰি মোক উৎসাহিত কৰিছে। মই মুখ্যমন্ত্রীৰ ওচৰত চিৰ কৃতজ্ঞ। আনহাতে অসমবাসীক যিমান অভিনন্দন আৰু ধন্যবাদ জনাও সেয়া কম হ’ব। অসমবাসীয়ে মোক পৰামৰ্শ দিছে আৰু আগুৱাই যোৱাৰ বাট দেখুৱাইছে। সকলো ক্ষেত্রতে মোক সহায় কৰিছে। অসমৰ ৰাইজে মোক কোনো দিনেই কষ্ট দিয়া নাই। মই আশা কৰো তথা মোৰ দৃঢ় বিশ্বাস আছে যে হৰমীত সিঙৰ নেতৃত্বত অসম পুলিচ আৰু আগুৱাই যাব। মই অসমৰ সংবাদ মাধ্যম তথা সাংবাদিকসকলক ধন্যবাদ জনাইছো। সংবাদ মাধ্যমৰ পৰা মই কোনো দিনে হাৰাশাস্তিৰ সন্মূখীন হোৱা নাই। সদায়ে গঠনমূলক সমালোচনা পাইছো।” জি পি সিঙে সহকৰ্মী সকলৰ প্ৰতি আহ্বান জনাই কয় – “সকলোৱে প্ৰথমে আৰক্ষী বিষয়া নহয়, এজন ভাল মানুহ হ’ব। এজন ভাল মানুহৰ পাছত আৰক্ষী বিষয়া হ’ব। ভাল মানুহ হৈ সমাজত থাকিব। ক্ষমতাৰ সদায় ভাল ব্যৱহাৰ কৰিব। আনহাতে নিজৰ স্বাস্থ্য সদায়ে ভালে ৰাখিব। স্বাস্থ্য নিজৰ বাবে। সুস্থ শৰীৰত সুস্থ মন থাকে।” অনুষ্ঠানত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে কয় – “অসম আৰক্ষীত জি পি সিঙৰ ভূমিকা উল্লেখনীয়। অসম আৰক্ষীৰ প্ৰতি তেওঁৰ বিশেষ ফ’কাচ আৰু মৰম আছিল। শেহতীয়া দুটা বছৰত অসম আৰক্ষীত ৩০হাজাৰ পদোন্নতি হৈছে। ইয়াৰ পূৰ্বে অসম আৰক্ষীত এনেদৰে পদোন্নতি হোৱা নাছিল। তেওঁ অসম আৰক্ষীৰ নতুন ৱেলফেয়াৰ পলিচী কৰিলে। তেওঁ গ্ৰহণ কৰা পদক্ষেপ সমূহ আমি আগুৱাই লৈ যাম।” অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত আছিল। উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব প্ৰদান কৰা হৈছে। যাৰ বাবে আজি তেওঁক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। জি পি সিঙৰ ঠাইত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক।