গুৱাহাটী,২৯ জানুৱাৰী : অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি সিঙে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি বিয়লি আয়োজন কৰা এক অনুষ্ঠানত জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ হৰমীত সিঙক অৰ্পন কৰে। ইফালে দায়িত্বভাৰ অপৰ্ণ কৰি আজি সন্ধিয়া সপৰিয়ালে নতুন দায়িত্ব গ্ৰহণৰ বাবে দিল্লী অভিমুখে ৰাওনা হয় জি পি সিং। আজিৰে পৰা অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰমীত সিঙে। উল্লেখ্য যে চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে জি পি সিঙে দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক। আজি অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া। গৃহ বিভাগৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত এগৰাকী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাইবা নতুন নিৰ্দেশনা নিদিয়ালৈকে সিঙে এই ভাৰপ্ৰাপ্ত দায়িত্ব বহন কৰিব। উল্লেখ্য যে হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত কটায়। মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল। এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়াইছিল। সংঘাতজৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন, মেগা ইভেণ্ট মেনেজমেণ্ট, দুৰ্যোগ/মহামাৰী সাহায্য আৰু যোগাযোগ/নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি বিকশিত কৰাত বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ। ইযাৰ উপৰি কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদকেৰে অলংকৃত হৈছে হৰমীত সিঙে। গেলেণ্টাৰী আৰক্ষী পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদক আদি লাভ কৰি আহিছে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আজিৰে পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে তেওঁ সেৱা আগবঢ়াব।
