গুৱাহাটী,৩১ জানুৱাৰী : বিজেপিৰ শাসনত অসমৰ ৰাইজৰ নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী তথা ভ্রাতৃসকলহে বিকাশ হৈছে। এই অভিযোগ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বাৰ্ষিক শিক্ষাৰ অৱস্থা (এছাৰ ৰিপ’ৰ্ট) সম্পৰ্কীয় প্রতিবেদনৰ তথ্য দাঙি ধৰি সাংসদগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় – “শিক্ষাৰ ক্ষেত্ৰতো অসমৰ অৱস্থা শোচনীয় হৈছে। সৰ্বভাৰতীয় গড়তকৈ অসম বহু পিছ পৰাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ প্রতিবেদনত প্ৰকাশ পাইছে। এছাৰৰ প্ৰতিবেদন অনুসৰি ২০১৮চনত অসমত স্কুলত নামভৰ্তিৰ হাৰ ৭১.৭ শতাংশ আছিল। এই হাৰ ২০২৪চনত ৬৯.৯ শতাংশলৈ হ্ৰাস পায়। ইয়াৰ বিপৰীতে দেশৰ আন ৰাজ্যত স্কুলত নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে। অসমত স্কুলত নামভৰ্তিৰ হাৰ হ্ৰাস পোৱাৰ কাৰণ ৰাইজৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাটোক সুচায়। আর্থিক অৱস্থা বেয়া হোৱা বাবে বহুতে সন্তানক স্কুলৰ পৰা উলিয়াই লৈ গৈছে।”শিক্ষাৰ মান সম্পৰ্কেও প্রশ্ন উত্থাপন কৰি তেওঁ লগতে কয় – “নিজৰ পাঠ্যপুথি ভালদৰে পঢ়িব নোৱাৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে। অসমৰ মানৱ উন্নয়ন সূচকাংক হ্ৰাস পাইছে। সম্প্ৰতি অসমৰ মানৱ উন্নয়ন সূচকাংক ৩২ শতাংশ। এই মানৱ উন্নয়ন সূচকাংকই স্বাস্থ্য, শিক্ষা আৰু আয় আদি সামৰি লয়। ৰাইজৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাৰ বিপৰীতে বিজেপি নেতাসকল ধনী হৈ গৈ আছে। অসমৰ মুখ্যমন্ত্রী দেশৰে অন্যতম ধনী মুখ্যমন্ত্ৰীত পৰিণত হৈছে। মুখ্যমন্ত্ৰী কোটিপতিত পৰিণত হ’ল। মুখ্যমন্ত্ৰীৰ পত্নী কোটিপতিত পৰিণত হ’ল। মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ ভ্ৰাতৃসকলৰহে বিকাশ হৈছে।” বিনিয়োগকাৰীক আকৰ্ষণৰ উদ্দেশ্যে বিদেশ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ লগতে কয় – “এতিয়া এডভান্টেজ আছাম-২ পাতিবলৈ লৈছে। এডভান্টেজ আছাম-১ৰ ফলাফল কি হ’ল ৰাইজক জনাওক। এডভান্টেজ আছাম-১ৰ ৬৩ টা প্ৰকল্পৰ ১০ টাহে চূড়ান্ত পর্যায়লৈ নিবলৈ সক্ষম হ’ল। ৰাইজে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বৰ চৰকাৰৰ স্বৰূপ বুজি পাইছে।” চৰকাৰক উদ্দেশি তেওঁ কয় – “আপোনালোক ক্ষমতাত আছে। আপোনালোকৰ শক্তি আছে। ৰাইজৰ, সাংবাদিকৰ প্ৰশ্নৰ সাহসৰে উত্তৰ দিয়ক। ৰাইজে এতিয়াও এবছৰ দিছে। ভুল, শুদ্ধ জুকীয়াই চাই কাম কৰক। ৰাজ্য চৰকাৰৰ কাম-কাজক লৈ শেহতীয়াভাৱে স্বয়ং নিজ দলৰে কেন্দ্ৰীয় চৰকাৰে প্রশ্ন কৰিবলৈ লৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আদিয়েও ৰাজ্য চৰকাৰক সমালোচনা কৰিবলৈ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰি বিভিন্ন আন্তর্জাতিক সংস্থা তথা ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্রতিবেদনেও বিভিন্ন দিশত অসমৰ অৱস্থা শোচনীয় হোৱাৰ তথ্য প্ৰকাশ কৰিছে।” তেওঁ লগতে কয় – “বিধানসভা নির্বাচনতহে মূল যুঁজ হ’ব। ৰাইজে বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছে।” তেওঁ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।