লখিমপুৰ, ৮ ফেব্ৰুৱাৰী ; দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় ফলাফল প্ৰদৰ্শনৰ সময়ছোৱাতে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহৰ সন্মুখত একত্ৰিত হল বিৰোধী শক্তি । লগ হ’ল বিৰোধী ঐক্যমঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞা, সম্পাদক লুৰিন জ্যোতি গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ পবন সিং ঘাটোৱাৰ সহ বহু সংখ্যক নেতা কৰ্মী । মূলত ভূপেন বৰাৰ প্ৰয়াত পিতৃ বগীৰাম বৰাৰ স্মৃতিত নিৰ্মাণ হব লগা ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা উপলক্ষেই গোট খালে সকলোবোৰ নেতা । কিন্তু আচলতে উদ্দেশ্য এক প্ৰকাৰ আগন্তুক নিৰ্বাচনৰ বাবেহে । পোন পটিয়াকৈ নকলেও আওপকিয়াকৈ আটাইয়ে প্ৰকাশ কৰিলে সেই কথাকেই । ৰকিবুল হুছেইন লুৰিন জ্যোতি গগৈ ,অজিত কুমাৰ ভূঞা,সকলোৱেই আশাবাদী আগন্তুক বিধান সভা নিৰ্বাচনত একত্ৰিত ভাবে আগবাঢ়িব বিৰোধী ঐক্যমঞ্চ ।খোদ ভূপেন স্পষ্টকৈ প্ৰকাশ কৰিলে এই কথা । অখিল গগৈৰ সৈতে যোগাত্মক কথা- বতৰা চলি থকাৰ কথাও প্ৰকাশ কৰিলে ভূপেন বৰাই । আধাৰ শিলা অনুষ্ঠানৰ আচিলা লৈয়েই সভাপতি ভূপেন বৰাৰ পদুলি মুখতেই আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে পুনৰ এক প্ৰকাৰ সাজু হল বিৰোধী ঐক্যমঞ্চ ।