লখিমপুৰ, ৮ ফেব্ৰুৱাৰী ; লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং পাঁচনৈত আজি এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয় । গাঁওৰক্ষী বাহিনীৰ নায়কক দুষ্কৃতিকাৰীয়ে ডিঙি ৰেপি হত্যা কৰি সুমুৱাই থলে শৌচাগাৰৰ টেংকিত । আৰক্ষীয়ে মোবাইল ফোন ট্ৰেকিংৰ জৰিয়তে আজি মৃতদেহ উদ্ধাৰ কৰে । আজি মুলুক চান্দ আলিৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিস্থিতি উতপ্ত হৈ পৰে চিলনিবাৰীত । উত্তেজিত ৰাইজে হত্যাৰ সন্দেহত জলাই দিলে তিনিতাকৈ বাসগৃহ । ঘটনা সন্দৰ্ভত তিনিজনক হত্যাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে হামিদা খাতুন,চনিলাল তাঁতী আৰু ৰহিমা খাতুনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । ঘটনাৰ সন্দৰ্ভত লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান অব্যাহত আছে । উল্লেখ যে চিলনীবাৰীৰ ২ নং পাচনৈৰ হামিদা খাতুনৰ বাসগৃহৰ শৌচাগাৰৰ টেংকিত দুই কিলোমিটাৰ দূৰত্বৰ সৰিয়হবাৰী নামৰ গাওঁ খনৰ মুলুক আলি ওৰফে মুলুকচান্দৰ মৃতদেহ উদ্ধাৰৰ পিছতেই উত্তেজিত ৰাইজে জ্বালাই দিলে হামিদা খাতুন, চনিলাল তাঁতী আৰু ৰহিমা খাতুনৰ বাসগৃহ বাসগৃহ । যাৰ বাবেই অঞ্চলজুৰি সৃষ্টি হল ত্ৰীব্ৰ উত্তেজনাৰ । প্ৰাপ্ত তথ্য মতে -গাওঁৰক্ষী বাহিনীৰ নায়ক মুলুক আলি শুক্ৰবাৰৰ মাজনিশাৰ পৰাই হৈ আছিল সন্ধানহীন । পৰিয়ালৰ তৰফৰপৰা বিচাৰ খোচাৰ কৰাৰ অন্তত খবৰ দিয়া হৈছিল আৰক্ষীক । দীৰ্ঘ সময়ৰ অন্তত নিজা গাওঁ সৰিয়হবাৰীৰ পৰা প্ৰায় দুই কিলমিটাৰ দূৰত্বৰ ২ নং পাঁচনৈৰ হামিদা খাতুনৰ বাসগৃহৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰে মৃতদেহ । লগে লগেই বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰি মৃতদেহ নিজৰ জিম্মাত লোৱাৰ লগতে আটক কৰিলে হামিদা খাতুন, চনিলাল তাঁতী আৰু ৰহিমা খাতুনক । প্ৰকৃততে কিহৰ কাৰণে মুলুক আলিক এইদৰে নৃশংস ভাবে হত্যা কৰা হল সেইয়া এতিয়াও ৰহস্যৰ আবৰ্তত ।সম্প্ৰতি আৰক্ষী অধীক্ষক সহ বিশাল আৰক্ষী বাহিনীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।