লখিমপুৰ, ৯ ফেব্ৰুৱাৰী ; লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হব অসম ভিত্তিত ভাওনা সমাৰোহ । ১৩ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হব লগা ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এতিয়া ভাওনা সমাৰোহ উদযাপন সমিতিৰ ব্যাপক প্ৰস্তুতি । এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখিয়েই আজি লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিহা নামৰ চুড়ান্ত অনুশীলন সম্পন্ন হৈ যায় । দহ সহস্রাধিক মহিলা-যুৱতীয়ে এই দিহা নামৰ অনুশীলনত অংশগ্রহণ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে । এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে গোপাল প্ৰভূয়ে । উল্লেখ যে লখিমপুৰ জিলাৰ ধলপুৰ কচুৱা আঠাবাৰী শ্ৰীশ্ৰী গোপাল মহাপ্রভু স্থানৰ সৌজন্যত লখিমপুৰ জিলাবাসী ৰাইজৰ সহযোগত কোঁৱৰ গাঁৱৰ জোনাকী যুৱ সংঘৰ খেলপথাৰ গোবিন্দ ক্ষেত্ৰত অহা ১৩ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ ৭দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব অসম ভিত্তিত ভাওনা সমাৰোহৰ প্রতিযোগিতা । ইতিমধ্যে আয়োজক সমিতিয়ে ভাওনা সমাৰোহৰ যাবতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ।
