লখিমপুৰ, ১৫ ফেব্ৰুৱাৰী ; অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত, নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৌজন্যত এখনি কৰ্মশলা অনুষ্ঠিত হোৱাৰ লগতে উন্নত জাতৰ ফল মূলৰ পুলি আৰু কৃষি সজুলি বিতৰণ কৰা হয়। উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়াই। ড° নিপেন গগৈয়ে আতঁ ধৰা অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ জেষ্ঠ বিজ্ঞানী ড° প্ৰদীপ সৌন্দিকৈয়ে। অনুষ্ঠানত লখিমপুৰ আৰু নাওবৈচা বিধান সভা সমষ্টিৰ ৪০ জন কৃষকক উন্নত জাতৰ ফলমুলৰ পুলি আৰু কৃষি সজুলি বিতৰণ কৰা লগতে পুলি সমূহৰ পৰিচৰ্যা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে বিজ্ঞানী বিভা ওজা, ড° নিপেন গগৈ, ড° য়াতে দাস, বিতিকা ফুকন আৰু তনবিৰ হাজৰিকাই।
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৌজন্যত কৃষি কৰ্মশালা গছ...









