লখিমপুৰ, ,২০ ফেব্ৰুৱাৰী :- লখিমপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত এইবাৰ প্ৰতিকূল বতৰৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ফেব্ৰুৱাৰী মাহ পৰ্যন্ত অব্যাহত থকা খৰাং বতৰে এইবাৰ লখিমপুৰ জিলাৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজলৈ ভয়ংকৰ দুৰ্যোগ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ভূতৰ ওপৰত দানহ পৰাদি চাহ বাগিচাসমূহত ৰেড স্পাইডাৰ(ৰঙা চাহি) আৰু হেল’পেলটিছ ৰোগে যি ভয়াৱহ সংক্ৰমণ বৃদ্ধি কৰিছিল তাৰফলত ক্ষূদ্ৰ চাহ বাগিছা স্থাপনেৰে আত্মসংস্থাপিত হ’ব বিচৰা জিলাখনৰ ক্ষূদ্ৰ চাহ খেতিয়কসকল ব্যথিত হৈ পৰিছিল। চলিত বছৰৰ আৰম্ভণীৰ পৰা বিশেষকৈ মাঘমাহত বৰষুণ নহাত জিলাখনৰ শ শ ক্ষূদ্ৰ চাহ খেতিয়কে মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত সময়তছোৱাত বতৰৰ তাৰতম্য তথা এটাৰ পিচত আনটো ৰোগৰ আক্ৰমণত যোৱা দুটা বৰ্ষত জিলাখনত চাহ উৎপাদন ত্ৰিশ শতাংশলৈ হ্ৰাস হোৱাত ক্ষূদ্ৰ চাহ উদ্যোগীসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল । প্ৰাকৃতিক প্ৰতিবন্ধকতাৰ প্ৰাচীৰ ভাঙি বছৰি লখিমপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবাৰ পূৰ্বৰ তুলনাত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অধিক হাৰত বৰষুণ নোহোৱাত কলম কটাৰ পিচত অধিক আগতীয়াকৈয়ে চাহ গছসমূহত ন কুঁহিপাত (এটি কলি দুটি পাত) মেলা দেখা নোপোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে চাহ বাগিছাসমূহত দৈনিক শ্ৰম কৰি পৰিয়াল পোহপাল দি অহা শ্ৰমিকসকল অৱস্থা শোচনীয় হৈ পৰিছে। উল্লেখ্য যে, বিগত বৰ্ষটোত জানুৱাৰী মাহত অধিক বৃষ্টিপাত হোৱাত আগতীয়াকৈ গছসমূহত ন কুঁহিপাত মেলা পৰিলক্ষিত হৈছিল । পিচে এইবাৰ জানুৱাৰী মাহৰ পৰাই চাহগছৰ উপযোগী হোৱাকৈ বৃষ্টিপাত নোহোৱাত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিটো বাগিছাসমূহৰ চাহ গছত কুঁহিপাত নেমেলাত খেতিয়ক সকলক চিন্তিত কৰি তুলিছে। যাৰ বাবে বিগত বৰ্ষসমূহত বহু দুৰ্যোগৰ সন্মুখীন হৈ সৰ্বস্বান্ত হোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজলৈ এইবাৰো আশাৰ বার্তা বিপৰীতে দুৰ্ভাৱনা কঢ়িয়াই আনিছে । তাৰোপৰি আগৰ দিনত জিলাখনত চাহ ব্যৱসায়ত অব্যাহত ৰখা বহুজাতিক প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত চাহ বাগিছাসমূহে ক্ষূদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা চাহপাত ক্ৰয় কৰিবলৈ গৈ ইচ্ছানুসৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰি ভাগ্য নিয়ন্তা হিচাপে দেখা দি অহাটো ক্ষুদ্ৰ চাহ খেতিয়ক সকল লোকচানৰ সন্মুখীন হৈ আহিছে। সেয়েহে পূৰ্বৰ তুলনাত এইবাৰ লখিমপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে যে অধিক লোকচানৰ সন্মুখীন হব সেইটো নিশ্চিত হৈ পৰিছে