গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। এই অনুযায়ী অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজিৰে পৰা আৰম্ভ কৰিছে “মাটি বচাওঁ, জাতি বচাওঁ” আৰু “সময় পৰিৱৰ্তনৰ” শীৰ্ষক এক বিশেষ যাত্ৰা। দিছপুৰ লাষ্টগেটস্থিত মানৱেন্দ্ৰ শৰ্মা কম্পপ্লেক্সৰ পৰা এখন বিশেষ বাহনেৰে এই যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰায় ১২ গৰাকী লোক বহিব পৰা বাহনখনৰ সন্মুখভাগত নেতাসকলে থিয় দি ৰাইজক সম্বোধন কৰিব পৰা ব্যৱস্থা কৰা হৈছে৷ আনহাতে, ভাষণ প্ৰদান কৰিবলৈ মাইকৰ লগতে নিশাৰ ভাগতো কাৰ্যসূচী অব্যাহত ৰাখিব পৰাকৈ বাহনখনত পোহৰ আদিৰো ব্যৱস্থা আছে৷ আজি পুৱা ৯ বজাত মুকলি কৰা বাহনখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সহ-তত্বাৱধায়ক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুন বৰা, বিধায়ক শিৱামণি বৰা, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰসহ কেইবাগৰাকী ৰাজ্যিক নেতা উপস্থিত থাকে৷ বাহনখন পথেৰে আগবাঢ়ি যোৱাৰ লগে লগে পথৰ দুয়োকাষে মানুহৰ সমাগম বৃদ্ধি পায়৷ বিশেষ বাহনখনৰ লগে লগে যোৱা কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংঘটিত কৰা বিভিন্ন দুৰ্নীতিৰ কথা উল্লেখ থকা বেনাৰ-ফেষ্টুন প্ৰদৰ্শন কৰে৷ বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰয় কৰা মাটিৰ বাবে ‘মাটি খাইটী’, ‘দেশত কৈ মামী ডাঙৰ নহয়’ আদি লিখা থকা ফেষ্টুন প্ৰদৰ্শন কৰে৷ বাহনখনে গণেশগুৰি-জিএছ ৰোড হৈ মা কামাখ্যা ধামত উপস্থিত হয় আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সকলো নেতাই মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ কামাখ্যা ধামৰ পৰা বাহনখনত উঠি কংগ্ৰেছৰ দলটোৱে শৰাইঘাট দলং পাৰ হৈ আমিনগাঁও অভিমুখে যাত্ৰা কৰে৷ আমিনগাঁৱত থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা বিলাসী বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ সন্মুখত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমিনগাঁৱত ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰি চৰকাৰী ৰিজাৰ্ভ ভূমি বেদখল কৰি স্থাপন কৰা ‘ফাইভ ষ্টাৰ’ হোটেল সদৃশ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ সন্মুখত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত দলটোৱে প্ৰতিবাদ জনায়৷ হাতে হাতে ‘দেশতকৈ মামী ডাঙৰ নহয়’ প্লেকাৰ্ড লৈ কংগ্ৰেছ নেতা-কৰ্মীয়ে স্কুলখনৰ সন্মুখত সমৱেত হয়৷ স্বেচ্ছাচাৰী নীতিৰে শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ জনবিৰোধী নীতি আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কৌশলগতভাৱে নিজৰ হাতলৈ নিয়াৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে চৰকাৰী আইনৰ কোনো চিন্তা নকৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী মাটি নিজৰ নামত কৰি লৈছে৷ অসমৰ চাৰিওফালে মাটি দখল কৰিছে৷ আমাৰ হাতত পৰা তথ্য মতে, গোটেই পৰিয়ালটোৰ ওচৰত ১২ হাজাৰ বিঘা মাটি আছে৷ আজি মুখ্যমন্ত্ৰীৰ পত্নী ১২ হাজাৰ বিঘা সম্পত্তিক মালিক৷ আজি আমি এইখন স্কুলৰ সন্মুখত উপস্থিত হৈছো৷ এইখন স্কুলত দুখীয়া মানুহৰ ল’ৰা-ছোৱালীয়ে পঢ়িব নোৱাৰে৷ ধনী মানুহৰ সন্তানে পঢ়িব পাৰে৷ ইয়াত মাচুল বহুত৷ এয়া হৈছে লজ্জাৰ কথা৷ যিগৰাকী মানুহে শিক্ষা বিভাগৰ দায়িত্বত দীৰ্ঘ দিন আছিল৷ আজি তেওঁৰ দিনত প্ৰায় ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ হৈছে৷ আৰু পত্নীয়ে ৬০ বিঘা মাটিত বিলাসী স্কুল খুলিছে৷ যিখন স্কুল পঞ্চতাৰকা হোটেলৰ দৰে৷ আমি এই কথা অসমবাসীৰ মাজলৈ লৈ যাব খোজো৷ ভাষণৰ মাজতে বাহনখন আগুৱাই নি স্কুলখনৰ একেবাৰে সন্মুখত উপস্থিত হৈ গৌৰৱ গগৈয়ে কয় যে আমাৰ তত্বৱধায়কক মুখ্যমন্ত্ৰীৰ স্কুলখন দেখুৱাব বিচাৰো৷ যিগৰাকী মানুহে স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে৷ তেওঁ ভূমি আইন সলনি কৰি এনেদৰে মাটি দখল কৰি স্কুল খুলিছে৷ ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এইখন স্কুল উদ্বোধন কৰাৰ দিনটোতে স্কুলৰ চেয়াৰমেনে কৈছিল যে ফাউণ্ডাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি সকলো সম্পত্তি ৰাইজক দিম৷ তেওঁ সম্পত্তি দিব নোৱাৰে৷ সম্পত্তি কৰিহে গৈছে৷ যিটো সময়ত অসমত হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে সেই সময়ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিলাসী স্কুল খুলি ব্যৱসায় কৰিছে৷ অসমীয়া স্কুল বন্ধ হোৱাৰ সময়ত তেওঁ নিজেই স্কুল খোলাটো কিমান যুক্তিসংগত সেয়া ভাবি চাব লাগে৷ ইয়াৰ পিছতে গৌৰৱ গগৈৰ নেতৃত্বত যোৱা বিশেষ বাহনখন পুনৰ গুৱাহাটীত প্ৰৱেশ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন সা-সম্পত্তিসমূহ ৰাইজক দেখুৱাবলৈ বুলি জিএছ ৰোডস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা নিউজ চেনেল, কাকত আৰু মেকড’নাল্ড আউটলেটৰ সন্মুখত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকনাধীন বিশাল সাম্ৰাজ্যৰ সন্মুখত ৰৈ বাহনৰ ওপৰভাগত থকা বিশেষ স্থানত থিয় হৈ মাইক হাতত লৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সম্পত্তিসমূহ হাতেৰে দেখুৱাই দি কয় যে ৰাইজ চাওক সেয়া টিভি চেনেল, কাকত আৰু মেকড’নাল্ড আউটলেটৰ শ-শ কোটি টকাৰ সম্পত্তি৷ ৰাইজৰ টকাৰে এই সম্পত্তি কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ হিচাপ দিব লাগিব৷ গাড়ীৰ ওপৰতে হাতত মাইক লৈ গৌৰৱ গগৈয়ে কয় যে যেতিয়া কোনো সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে তেতিয়া মুখ্যমন্ত্ৰীয়ে ভাবুকি দি কয় যে তোমাৰ মালিকক ফোন কৰিম নেকি৷ আজি বহু সাংবাদিকে মুখ্যমন্ত্ৰীৰ ভয়ত সাংবাদিকতা এৰিবলগীয়া হৈছে৷ আমি যিটো চেনেলেৰ সন্মুখত আছো এই চেনেলটোৱে কেৱল চৰকাৰী ধন পায়৷ এই চৰকাৰী ধন কাৰ ধন? সেয়া ৰাইজৰ ধন৷ আমি জানিবলৈ বিচাৰো যে বিগত ১০ বছৰত কিমান টকা মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা সংস্থালৈ গৈছে৷ সেই কথা আমি আৰু অসমৰ ৰাইজে জানিব লাগিব৷ আমি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান মাটি দখল কৰিছে সেই কথা ফাদিল কৰিম৷ ইয়াৰ পিছতে বাহনখনে গণেশগুৰিত উপস্থিত হয় আৰু মন্ত্ৰী অশোক সিংহালৰ বাণিজ্যিক অট্টালিকা ‘প্ৰ’টেক’ৰ সন্মুখত প্ৰতিবাদ কৰে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছৰ দলটোৱে৷ ‘প্ৰ’টেক’ নামৰ কোম্পানীৰ জৰিয়তে মন্ত্ৰী সিংঘালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অট্টালিকা তথা ভূমি বেদখল কৰাৰ অভিযোগ আনে৷ ইয়াৰ পিছতে গৌৰৱ গগৈ নেতৃত্বাধীন দলটোৱে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হয়। ৰাজীৱ ভৱনত সময় পৰিৱৰ্তনৰ, মাটি বচাওঁক, জাতি বচাওঁক শীৰ্ষক যাত্ৰাৰ অংশস্বৰূপে ১০খন এলইডি বাহনৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ কৰিবলগীয়া সংকল্প যাত্ৰাৰ ফ্লেগঅফ কৰা হয়। এই বিশেষ বাহনকেইখনৰ জৰিয়তে সমষ্টিয়ে সমষ্টিয়ে চলিবলগীয়া যাত্ৰাই ৰাইজৰ সন্মুখত বিজেপিৰ জনবিৰোধী নীতি আৰু মিথ্যাচাৰ উদঙাই দিব বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ৰাজীৱ ভৱনৰ পৰা বিয়লিৰ ভাগত পৰিৱৰ্তন যাত্ৰাৰ বাহনখন সোণাপুৰস্থিত জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ যায়৷ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বাকী নেতাসকলে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে হাতে হাতে ‘জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক’ লিখা থকা প্লেকাৰ্ড লৈ শতাধিক কংগ্ৰেছ কৰ্মীয়ে জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী তোলে। উল্লেখ্য যে, আজি পুৱাৰ ভাগত মা কামাখ্যা ধামত আশীৰ্বাদ লৈ গৌৰৱ গগৈয়ে আগন্তুক নিৰ্বাচনৰ বাবে মা কামাখ্যাৰ পৰা আশীৰ্বাদ বিচাৰে৷ গগৈয়ে কয় যে নতুন এখন বৰ অসমৰ কামনা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মা কামাখ্যা মন্দিৰত আশীৰ্বাদ লৈ প্ৰচাৰ আৰম্ভ কৰিছে৷ গগৈয়ে কয়, ”আমি নিৰ্বাচনী প্ৰচাৰৰ যাত্ৰা মা কামাখ্যা ধামৰ পৰা কৰিছো৷ আমি মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছো৷ আজি প্ৰাৰ্থনা জনাই অসমৰ শান্তি-সম্প্ৰীতি, প্ৰগতি আৰু সমন্বয়ৰ কামনা কৰিছো৷ আমি যাতে সকলোৱে মিলিজুলি নতুন বৰ অসম গঢ় দিব পাৰো য’ত শান্তি-সম্প্ৰীতি থাকিব, বিশেষ প্ৰগতিশীল সমাজ থাকিব৷ আমি এখন সক্ৰিয় আৰু সবল অসম গঢ় দিব লাগিব৷’’ আজিৰ যাত্ৰাকালত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে অসমৰ জনতাৰ সুস্বাস্থ্য, শান্তি কামনা কৰাৰ লগতে অসমক উন্নতিৰ পথেৰে লৈ যোৱাৰ সংকল্প লৈ আজি মা কামাখ্যা মন্দিৰত আশীষ লৈছো বুলি কয়৷ ”আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে৷ আমি অসমৰ যুৱ-মহিলা-জ্যেষ্ঠ নাগৰিকৰ মাজলৈ যাম৷’’-সিঙে কয়। আনহাতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কয়, ”আজি অসমত যি দুঃশাসন চলি আছে তাৰ অন্ত পেলাই, সুশাসনৰ আৰম্ভণি কৰিবলৈ মা কামাখ্যাৰ শ্ৰীচৰণত আশীষ লৈছো৷ ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ দিব৷ ৰাইজৰ সুখ-সমৃদ্ধিৰ বাবে শান্তি-সম্প্ৰীতি দৰকাৰ৷ আমাক মা কামাখ্যাই আশীৰ্বাদ দিব, ৰাইজেও আশীৰ্বাদ দিব৷’’ ইপিনে একেটা যাত্ৰাত জিএছ ৰোডত মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন নিউজ চেনেলৰ সন্মুখত ভাষ্য প্ৰদান কৰি ভূপেন বৰাই কয় যে ক্ষমতাৰ উদ্দেশ্যে হৈছে সমাজক সেৱা কৰা, সাধাৰণ মানুহৰ স্বাৰ্থ, নাগৰিকৰ স্বাৰ্থ, দেশৰ স্বাৰ্থ৷ কিন্তু আজি অসমত ক্ষমতাৰ স্বাৰ্থ হৈছে ব্যক্তিগত আৰু পৰিয়ালৰ স্বাৰ্থ৷ আজি অসমৰ মানুহে এই কথা উপলব্ধি কৰাৰ সময় আহিছে৷ সংবিধান আৰু জাতিৰ অধিকাৰ ৰক্ষাৰ নামত যি শোষণ কৰিছে তাৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰিছো৷ এই যাত্ৰাক অসমৰ মানুহৰ যাত্ৰা আখ্যা দিয়ে ভূপেন বৰাই৷ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ”আজি মা কামাখ্যাৰ আশীৰ্বাদ ল’লো, মা কামাখ্যাৰ লগতে ৰাইজে আমাক আশীৰ্বাদ দিব৷’’ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ”নীলাচল পাহাৰৰ পৰা মা কামাখ্যাই যেন আমাক আশীৰ্বাদ দিয়ে৷ মা কামাখ্যাই আমাৰ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকক যেন কৃপা কৰে আৰু মংগল কৰে তাৰ কামনা কৰিলো৷’’









