হাওৰাঘাট,২৪ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত সোমবাৰে লাংহিন অঞ্চলত একেদিনাই একেসময়তে সাত ঠাইত বড়ো মাধ্যমৰ শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বড়ো ভাষাক জীয়াই ৰখা আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাই এলানি কাৰ্যসূচী গ্ৰহণ কৰি ১৪, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ইতিমধ্যে হাওৰাঘাট অঞ্চলত চাৰিখন, হাওৰাঘাট তিনি আলি অঞ্চলত দুখন গাঁৱত আৰু লাংহিন অঞ্চলত চাৰিখন গাঁৱত শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বৰ্তমান অৰ্থাৎ সোমবাৰে পুনৰ একে দিনাই একে সময়তে সাত ঠাইত সজাগতা সভাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এই সাত ঠাইত বড়ো মাধ্যমৰ শিক্ষা বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰা ঠাই সমূহ হৈছে ক্ৰমে গণেশ থান প্ৰাথমিক বিদ্যালয়, হাজোছা প্ৰাথমিক বিদ্যালয়, মাণিকপুৰ প্ৰাথমিক বিদ্যালয়, আনন্দ ব্ৰহ্ম প্ৰাথমিক বিদ্যালয়, বাহবাৰী প্ৰাথমিক বিদ্যালয়, ধৰমপুৰ বাথৌপাৰা প্ৰাথমিক বিদ্যালয় আৰু বিৰুপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই সাত ঠাইত সাতখন বিদ্যালয়ত উপস্থিত থাকি সজাগতা সভাত অংশগ্ৰহণ কৰা বড়ো সাহিত্য সভা আৰু অন্যান্য অগ্ৰণী বড়ো সংগঠনৰ বিষয়ববীয়া সকল হৈছে ক্ৰমে মগেজ নাৰ্জা বড়ো, সুভাষ বসুমতাৰী, দীনেশ দৈমাৰী, নকুল চন্দ্ৰ ব্ৰহ্ম, ঋতুৰাজ বসুমতাৰী, বিস্তিৰাম দৈমাৰী, সনাৰাম বসুমতাৰী, তনুৰাম দৈমাৰী, নিৰ্মল বসুমতাৰী, কল্যাণ ৰাভা ব্ৰহ্ম, ৰাজাৰাম বসুমতাৰী , সুমেশ্বৰ বসুমতাৰী, দালসিং বসুমতাৰী, মুনিন্দ্ৰ নাৰ্জাৰী, চক্ৰ বসুমতাৰী, বাৰেন্দ্ৰ বসুমতাৰী, সুকুৰছিং বসুমতাৰী, চৰণ বসুমতাৰী, মৃণালিনী হাজোৱাৰী, ফুলমণি ব্ৰহ্ম, লক্ষীমাই খাখলাৰী, স্বপ্না বসুমতাৰী, ইশ্বান মোছাহাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, ৰতেন্দ্ৰ বসুমতাৰী, তৰুণ মোছাহাৰী আদি উপস্থিত থাকে।