হাওৰাঘাট,২ মাৰ্চ : জ্যেষ্ঠ সাংবাদিক তথা লেখক ধৰ্মেন্দ্ৰ খাখলাৰীৰ আত্মজীৱনীমূলক গ্ৰন্থ “মোৰ সাংবাদিকতা আৰু সামাজিক কৰ্ম জীৱনৰ চমু পৰিক্ৰমা” শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটীৰ জু ৰোডত অৱস্থিত ‘প্ৰতিদিন টাইম’ৰ কাৰ্যালয়ত ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই উন্মোচন কৰে। উন্মোচনী ভাষণত সাংবাদিক শইকীয়াই গ্ৰন্থখনৰ প্ৰশংসা কৰি কয় যে, এইখন কেৱল এখন আত্মজীৱনী নহয়, ই জনস্বাৰ্থ-সংলগ্ন সাংবাদিকতাৰ এক প্ৰেৰণাদায়ক উদাহৰণ। উল্লেখ্য যে, ধৰ্মেন্দ্ৰ খাখলাৰীয়ে নিজৰ সাংবাদিক জীৱনত গ্ৰাম্য সমাজৰ সমস্যা—ৰাস্তা-ঘাট, শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী, দুৰ্নীতিবিৰোধী আৰু প্ৰশাসনিক অৱহেলা—নিয়মিতভাৱে গুৰুত্বসহকাৰে উত্থাপন কৰি আহিছে। তেওঁ সাংবাদিকতাক কেৱল এটা পেছা হিচাপে নহয়, বৰঞ্চ সমাজসেৱাৰ এক শক্তিশালী মাধ্যম হিচাপে গ্ৰহণ কৰি আহিছে । গ্ৰন্থখনত তেওঁৰ সাংবাদিকতাৰ অভিজ্ঞতা, সংগ্ৰাম, সাফল্য আৰু সামাজিক আন্দোলনৰ বিস্তৃত আৰু তথ্যভিত্তিক বিৱৰণ সন্নিৱিষ্ট কৰা হৈছে, যি নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে পথপ্ৰদৰ্শক হিচাপে কাম কৰিব।

সাহিত্য ক্ষেত্ৰতো ধৰ্মেন্দ্ৰ খাখলাৰীৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। তেওঁ কেৱল সংবাদ লেখকেই নহয়, বৰঞ্চ এজন সংবেদনশীল কবি সাহিত্যিক । তেওঁৰ পূৰ্বৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত হৈছে “আকাশৰ পৰা খহি পৰিল এটা তেজ ৰঙা সূৰ্য” (২০১০), “আত্মোপলব্ধি”(২০১২), “বড়ো কৃষ্টিৰ নিৰৱ সাধক ক্ষীৰোদ খাখলাৰী” (২০১৪) আৰু “মহৎ লোকৰ অমৃত বাণী” (২০২৩) উল্লেখযোগ্য। এইসমূহ গ্ৰন্থত সামাজিক বাস্তৱতা, আত্মচিন্তা আৰু নৈতিক মূল্যবোধৰ শক্তিশালী প্ৰকাশ দেখা যায়। তেওঁৰ সৰ্বশেষ আত্মজীৱনীমূলক কৃতি (২০২৬) তেওঁৰ জীৱন-সংগ্ৰাম আৰু অভিজ্ঞতাৰ এক সম্পূৰ্ণ দৃষ্টিভংগী আগবঢ়ায় । এই কৃতিয়ে সমাজৰ প্ৰতি দায়িত্ববোধ আৰু নিৰপেক্ষ সাংবাদিকতাৰ মনোভাৱ অধিক দৃঢ় কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিশ্বাস ব্যক্ত কৰে যে, এই গ্ৰন্থখন নতুন প্ৰজন্মৰ সামাজিক কৰ্মী আৰু সাংবাদিকসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হ’ব। অনুষ্ঠানত ধৰ্মেন্দ্ৰ খাখলাৰীৰ পত্নী ৰূপালী বাসুমতাৰী, কন্যা অমৃতা খাখলাৰী, পুত্ৰ চন্দন খাখলাৰী আৰু তেওঁৰ সহযোগী—সমৰাজ চৌহান, নাৰায়ণ বৰুৱা, ৰত্নকান্ত পাঠক আৰু সুভাষ বাসুমতাৰী উপস্থিত থাকে । অনুষ্ঠানৰ অন্তত ধৰ্মেন্দ্ৰ খাখলাৰীয়ে উপস্থিত অতিথি আৰু সহযোগীসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।