গুৱাহাটী,৬ মাৰ্চ : কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ অধ্যক্ষতাত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন পুনৰীক্ষণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত জিলাখনত ইতিমধ্যে ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনিসমূহৰ কাৰ্যকাৰিতা আৰু শেহতীয়া স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকললে নিজ নিজ বিভাগৰ আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে পাৱাৰ প্ৰেজেণ্টেছনৰ সহায়ত অৱগত কৰে। আজিৰ বৈঠকত জিলা আয়ুক্ত স্বপ্নীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকা, জিলা পৰিষদৰ সদস্যা কৰবী কলিতাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সৰ্বশিক্ষা অভিযান, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, সামাজিক বনানীকৰণ, স্বাস্থ্য, বিদ্যালয় পৰিদৰ্শক, জল জীৱন মিছন, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, মহিলা আৰু শিশু কল্যাণ বিভাগ, লোক নিৰ্মাণ  বিভাগ, এ.পি.ডি.চি.এল তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।