গুৱাহাটী,৮ মাৰ্চ : “প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়।” – এই বক্তব্য ৰাইজৰ দলৰ। বিধায়ক অখিল গগৈয়ে বহু যুঁজবাগৰ কৰাৰ পাছতো কংগ্ৰেছৰে মিত্রতা নোহোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে। দেওবাৰে এক বিবৃত্তি যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বিবৃত্তি যোগে অখিল গগৈয়ে কয়, “যোৱা ৬ মার্চত চাৰিটা বিৰোধী দলৰ গুৱাহাটীত অনুষ্ঠিত মিত্ৰতাৰ বৈঠক আৰু সংবাদমেলৰে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰ কৰিলে। ৰাইজৰ দলক মিত্ৰতাৰ পৰা আঁতৰাই পতা এই বৈঠকখন আমাৰ বাবে আছিল অত্যন্ত অসন্মানজনক। আমি লক্ষ্য কৰিছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়। ৬ মাৰ্চৰ সংবাদমেলত গৌৰৱ গগৈৰ বক্তব্য আৰু ২০২৫ বৰ্ষৰ ৬ জুলাইত অসম নাগৰিক সমাজৰ বিৰোধী দলবোৰৰ মিত্ৰতা সম্পৰ্কীয় ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তন’ৰ বক্তব্য সকলোতে তেওঁৰ অহংকাৰ স্পষ্ট আছিল। ‘অসম সন্মিলিত নাগৰিক সমাজৰ অভিবৰ্তনতো তেখেতে বিৰোধী দলসমূহৰ মিত্ৰতাৰ পক্ষত পোনপটীয়াকৈ একো কোৱা নাছিল আৰু যোৱা ৬ মাৰ্চৰ ৪ টা ৰাজনৈতিক দলৰ সংবাদমেলতো ৰাইজৰ দলক মিত্ৰতাত অন্তৰ্ভুক্তিৰ বিষয়টো পোনপটীয়াকৈ একো নকৈ “আমাৰ দুৱাৰ খোলা” আছে বুলি পালমৰা বক্তব্যৰে বুজাই দিছিল যে প্ৰদেশ কংগ্ৰেছৰ সকলোকে একেলগে লৈ মিত্ৰতা কৰাৰ ক্ষেত্ৰত মুঠেও আগ্রহ নাই।”

মিত্রতা নোহোৱাৰ প্ৰসংগত তেওঁ কয়, “কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা বাস্তৱিকতে কি বিষয়ত থমকি ৰৈছে? এটা বাক্যত ক’বলৈ গ’লৈ, সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবেই এই মিত্ৰতা ভংগ হোৱাৰ পথত আগবাঢ়িছে। ৰাইজৰ দলে প্রথমে কংগ্ৰেছৰ ওচৰত ২৭ খন আসনৰ (যি সময়ত অসম জাতীয় পৰিষদে ২৬ খন বিচাৰিছিল) বাবে অনুৰোধ জনাইছিলো। সেই সংখ্যা কংগ্ৰেছে বহুত বেছি হ’ব বুলি জনোৱাত আন্তৰিকতাৰে আমি সেই সংখ্যা ২০ লৈ হ্রাস কৰিলো। কিন্তু কংগ্ৰেছ নাচোৰবান্দা আছিল আৰু গৌৰৱ গগৈয়ে ১০০ খনকৈ অধিক আসনত কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অতি দাম্ভিকতাৰে ৰাজহুৱাকৈ সীমাৰেখা এটা টানি দিছিল। সেই সীমাৰেখাৰ ভিত্তিত কংগ্ৰেছৰ তৰফৰ পৰা আমাক আসনৰ সংখ্যা হ্ৰাস কৰাৰ বাবে অনুৰোধ জনোৱাত আমি সেই সংখ্যা ১৫ খনলৈ হ্ৰাস কৰিলো আৰু তাতোতকৈ কম আসনত আমাৰ দলে প্রতিদ্বন্দ্বিতা কৰাত দলৰ সন্মতি নাই বুলি জানিবলৈ দিলো। সর্বশেষত কংগ্ৰেছৰ ৪ জনীয়া আলোচনাকাৰী গোটে আমাৰ সৈতে ১৩ খন আসনত সন্মতি প্ৰকাশ কৰে, যাৰ মাত্ৰ ৪ খন আসন পোনপটীয়াকৈ আমাৰ পচন্দ। ৪ খন বন্ধুত্বমূলকৰূপে এৰি দিব খোজে আৰু ৫ খন কংগ্ৰেছৰ দ্বাৰা বিভিন্ন সময়ত আমাৰ ওপৰত জাপি দিয়া আসন। অর্থাৎ, আমি বাস্তৱিকতে ২৭ খন আসনৰ পৰা ৪ খনলৈ অৱনমিত হ’লো। এইটো সংখ্যাতে কংগ্ৰেছে নাচোৰবান্দা হৈ লাগি ৰ’ল। সৰ্বশেষত, উপায়হীন হৈ আমি প্ৰস্তাৱ দিলো যে আমি কংগ্ৰেছৰ সকলো চৰ্ত মানি ল’ম, কিন্তু আমাৰ সাংগঠনিক ভিত্তি থকা ধিং সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিব লাগে। আমি ‘উপায়হীন’ এইবাবে হ’লো যে আমি বিজেপিক আন্তৰিকতাৰে পৰাস্ত কৰাটো বিচাৰো, সেইটো আমাৰ সংকল্প, কিন্তু কংগ্ৰেছৰ বাবে নিজৰ দলৰ স্বাৰ্থটোৱে সিদ্ধান্ত গ্ৰহণৰ একমাত্ৰ মাপকাঠি। তেওঁলোকে পোনপটীয়া আসন হিচাপে আমাক দলগাঁও সমষ্টিটো এৰি দিব খোজে। সেই দলগাঁও সমষ্টিটো এৰি দিয়াৰ প্ৰস্তাৱৰ পাছতো সমষ্টিটোত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ, ধৰ্ণা, অপপ্ৰচাৰ আৰম্ভ হয়, আনকি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ ৰাজহুৱাকৈ কৰে। কিন্তু প্ৰদেশ কংগ্ৰেছৰ পৰা তাক নিয়ন্ত্ৰণ কৰাৰ কোনো নিৰ্দেশ দিয়া আমি দেখা নাই। আমি নিশ্চিত প্রদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ নির্দেশতে আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই কাম কৰোৱা হৈছে।”
তেওঁ লগতে কয়, “আনহাতে আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰো। পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এৰি দিবলৈ কংগ্ৰেছ দলে অস্বীকাৰ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰে। গতিকে ক’ব পাৰি, ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা ৬ মাৰ্চত আন তিনিটা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। তাৰ পূৰ্বে আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাতে ৰাইজৰ দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমৌ, বৰছলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তর্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদামান সমষ্টিবোৰ বাদ দি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰো। ৰাইজৰ দলৰ বাবে ফেচিষ্ট-সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাটোৱে প্রধান কথা। আমি বিশ্বাস কৰোঁ, দেশ-জাতি-জনগণ এই সামন্তীয় কুশক্তিৰ পৰা উদ্ধাৰৰ বাবে ককবকাই আছে। এই সাম্প্রদায়িকতাবাদীহঁত ভুৱা ৰাষ্ট্ৰীয়তাবাদী, উন্মত্ত। এই উন্মত্ত শক্তিটোৱে দেশ এফালৰ পৰা বিক্রীত নামিছে। দেশৰ সম্পদ পুঁজিপতি-কৰ্প’ৰেট শক্তিক গোগ্রাসে চমজাই দিছে। বজাৰ জনতাৰ হাতৰ পৰা কাঢ়ি কৰ্প’ৰেট শক্তিক দি দিলে । সিহঁতৰ নীতিৰ ফলস্বৰূপে দেশীয় ব্যৱসায়ীসকলৰ হাহাকাৰ হৈছে, ব্যৱসায় মন্দা হৈছে। বস্তুৰ মূল্যবৃদ্ধিয়ে আকাশলংঘী ৰূপ লৈছে। ইহঁতক যিকোনো মূল্যৰ বিনিময়ত ক্ষমতাচ্যুত কৰাটো প্ৰতিজন দেশপ্রেমিক নাগৰিকৰ কৰ্তব্য। সেইবাবেই যি দলৰ লগত আমাৰ হতমত বিৰোধ আছে সেই কংগ্ৰেছৰ সৈতে যুক্তফ্রণ্ট গঠনৰ বাবে আগবাঢ়ি আহিছিলো।”
তেওঁ কয়, “তেওঁলোকে আমাক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দেখ দেখকৈ বিশ্বাসঘাটকতা কৰিছিল।
কেৱল ৮ টা বিধানসভা সমষ্টি লৈ আমি তেওঁলোকৰ সৈতে ২০২১ত জোঁটবন্ধনৰ বাবে সন্মত হৈছিলো। কিন্তু বিপিএফ দলটো তেওঁলোকৰ কাষ চাপি অহাত কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। বিশ্বাসঘাটকতা তেওঁলোকে কৰিলে, ঠগিলে তেওঁলোকে। কিন্তু অপপ্ৰচাৰ কৰিলে আমাৰ বিৰুদ্ধে। আমি গোপনে আলোচনা চলাই আছিলো বাবে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আছিলো বাবে, সেইবাৰ আমি খলনায়ক হৈ পৰিলো। বহু বুদ্ধিজীৱীয়ে আমাৰ বিৰুদ্ধে কংগ্ৰেছৰ মুখপাত্ৰৰ দৰে আমাৰ ওপৰত জঁপিয়াই পৰিলে। সেইবাবে আমি এইবাৰ প্ৰতিটো মিত্ৰতাৰ খবৰ ৰাজহুৱা কৰি আছোঁ, ৰাইজক জনাই আছো সকলো।”
তেওঁ পুনৰ কয়, “কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আদৰ্শ পৃথক। কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী, আমি জাতীয়তাবাদী,
আঞ্চলিকতাবাদী। আমি ফেডাৰেলিজমত বিশ্বাসী। তেওঁলোকৰ চিন্তা সামন্তীয়, আমাৰ প্ৰগতিশীল, সমাজবাদী, ছ’চিয়েলিষ্ট। কেৱল আৰু কেৱল ফেচিষ্ট সাম্প্রদায়িক শক্তি বিজেপি-আৰ এছ এছক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি তেওঁলোকৰ সৈতে যুক্তফ্রন্ট গঠন কৰিব খুজিছিলো। আমাৰ বাবে যুক্তফ্রণ্ট গঠনৰ নিয়ম হ’ল যুক্তফ্ৰণ্টত
সদায় প্রগতিশীল শক্তিৰ হাতত নেতৃত্ব থাকিব লাগে, তেতিয়াহে জনগণৰ উপকাৰ হয়। কিন্তু কংগ্ৰেছৰ সৈতে
আমাৰ যুক্তফ্রন্ট গঠনত প্ৰগতিশীল শক্তিৰ নেতৃত্ব বাদেই দিয়ক, কংগ্ৰেছৰ সৈতে কোনো আদর্শগত কথা পতাৰ পৰিৱেশ নাই। কংগ্ৰেছ মিত্ৰতাক লৈ মুঠেও চিৰিয়াছ নহয়। সঘনে সলনি কৰা তেওঁলোকৰ মিত্ৰতাৰ আলোচনা সম্পৰ্কীয় সমিতিয়েই প্ৰমাণ তেওঁলোকৰ সেই গুৰুত্বহীনতাৰ। তেওঁলোকে আমাৰ মিত্ৰ দলবোৰৰ
সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ক’ৰবাত বিয়া খাওঁতে লগ পাইহে প্রার্থী তালিকাৰ আলোচনা
কৰিছিল। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ চাৰিজনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল
যোৱা ১৯ ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলো যে কংগ্ৰেছ বুলি কোনো দল আচলতে নাই, কংগ্ৰেছ দলৰ উমৈহতীয়া প্ৰাৰ্থী নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, প্রদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুন বৰা স্বয়ং নিজে প্রার্থী। ব্যক্তিস্বার্থৰ সমষ্টিয়েই কংগ্ৰেছ। আমি মিত্ৰতা বিচাৰো, ৰাইজৰ দলে গভীৰ আন্তৰিকতাৰে মিত্ৰতা বিচাৰো সাম্প্রদায়িক তথা ফেচিবাদী শক্তিক উৎখাত কৰি জনতাক শাস্তি প্ৰদানৰ বাবে। সেইবাবেই কংগ্ৰেছৰ সকলো কোমতালি আমি সহ্য কৰি আছিলো। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে, সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগে সেয়া কেতিয়াও গণতান্ত্ৰিক নহয়। ৰাইজৰ দলৰ চমু ইতিহাসটোৱেই হ’ল ত্যাগৰ মহান ইতিহাস। ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিলে, তথাপি আমি সামান্য কেইখনমান আসনতহে প্রতিদ্বন্দ্বিতা কৰিলো। তাৰ পৰৱৰ্তী ২০২১ চনৰ উপ-নির্বাচনত ৫ খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টিটো আমি বিচাৰিছিলো। তাকো নিদিলে। সেই নির্বাচনত কংগ্ৰেছে পালে ৫,৮৯২ (৬.৬৫ শতাংশ) ভোট, ৰাইজৰ দলে পালে ২৪,৩৯৫ (২৭.৫২ শতাংশ) ভোট। তাৰ পাছতো ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে আমাক ডিমৌ (থাওৰা) সমষ্টিটো এৰি দিবলৈ অনুৰোধ জনালে, আমি এৰি দিলো। ২০২৪ চনৰ অসমৰ পঞ্চদশ বিধানসভাৰ দ্বিতীয়টো উপ-নির্বাচনত গৌৰৱ গগৈয়ে মিত্ৰজোঁট ভাঙি চূৰমাৰ কৰি সম্পূৰ্ণ দাম্ভিকতাৰে এ আই চি চিৰ ক্ষমতাৰে বলীয়ান হৈ বিহালী আসনখন চি পি আই(এম এল)ৰ পৰা কাঢ়ি লৈ বিজেপিৰ সদস্য এজনক কংগ্ৰেছৰ প্রার্থিত্ব দি বিজেপিৰ এজন অতি কেঁচা প্ৰতিদ্বন্দ্বীৰ হাতত ধৰাশায়ী হ’ল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো ৰাইজৰ দলক এখনো আসন এৰি নিদিলে, আমি ত্যাগ কৰি দিলো। ৰাইজৰ দলে সর্বোচ্চ কষ্ট কৰি যোৰহাট, নগাঁও, কৰিমগঞ্জ, ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জিকোৱাত নামি পৰিল। এখনক বাদ দি ৩ খনত কংগ্ৰেছ জিকিল। আমাৰ অভিজ্ঞতা হ’ল, ৰাইজৰ দল মানেই ত্যাগ, ত্যাগ আৰু ত্যাগ। এতিয়া ২০২৬ চনৰ বিধানসভা নির্বাচনতো কংগ্ৰেছে আমাকবআমাৰ বাচনিৰ মাত্ৰ ৪ খন আসন এৰি দিছে, মাত্র ১৫ খন আসনৰ ১৩ খন আসন এৰি দিব খোজে, তাৰে ৯ খনেই কংগ্ৰেছৰ বাচনিৰ আৰু সেই ৯ খনৰো ৪ খনেই বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে। অর্থাৎ, আমাৰ বাচনি (৪খন) আৰু কংগ্ৰেছৰ বাচনি (৫ খন) ধৰি আমাক কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে দিয়ে ৯ খনহে। এতিয়া ৪ খন বন্ধুত্বমূলক আসনৰ এখন (ধিং) আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্রতা কৰিবলৈ প্ৰস্তুত বুলি স্পষ্টকৈ জানিবলৈ দিলো। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধিং আমাক এৰি নিদিলে। আনসকলে এৰি দিয়াৰ পক্ষপাতী আছিল, আনকি এ আই চি চিও। ক’বলৈ গ’লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আঁকোৰগোজালিৰ বাবেই এই মিত্ৰতা ভাগিল। আমি কৈছিলো সকলো মিলি (কংগ্ৰেছৰ বাচনি + ৰাইজৰ দলৰ বাচনি + বন্ধুত্বমূলক) ১৩ খন আসন হোৱাৰ পাছত আন অতিৰিক্ত ২ খন আসন আমাক লাগিব। কংগ্ৰেছে যোৱা ৬ মাৰ্চত কিয় মিত্রতা ভাঙি দিলে। আমাৰ ৰাইজৰ দলৰ ইয়াত কিবা দোষ আছে নেকি। আমি স্পষ্টকৈ কওঁ, আমি উদাৰ আছিলো আৰু কংগ্ৰেছৰ সকলো উদ্ভট কথা-বার্তাও আমি মিত্ৰতাৰ স্বাৰ্থত সহ্য কৰি আছিলো। কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পন কৰাব খুজিছিল। আমি আত্মসমৰ্পন কৰিবলৈ মান্তি নহ’লো। আমি মাত্র ১৫ খন আসনৰ তেনেই সামান্য লক্ষ্য এটা দিছিলো আৰু ন্যূনতম উমৈহতীয়া কর্মসূচী (চি এম পি) এখন বিচাৰিছিলো। গৌৰৱ গগৈয়ে চি এম পিৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু দাম্ভিকতা দেখুৱাই মিত্রতা ভাঙি দিলে। আমি অতি দুখেৰে সৈতে জনাওঁ যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত ২০ ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিলো যদিও আমাক অসন্মান কৰি আজিলৈকে কোনো উত্তৰ নিদি কংগ্ৰেছে আমাৰ স্বাভিমানত আঘাত হানিলে। সেয়েহে আমি আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্রতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো সম্ভৱ নহ’ব বুলি বিবেচনা কৰিছো।”