নতুন দিল্লী,১০ অক্টোবৰ : দিল্লীত সাংবাদিকৰ বিৰুদ্ধে কথিত হাৰাশাস্তি আৰু দমনমূলক কাৰ্যকলাপৰ বিষয়টো এতিয়া তীব্ৰতৰ হৈ পৰিছে। এইক্ষেত্রত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অতি শক্তিশালী স্থিতি গ্ৰহণ কৰিছে আৰু নিজাববীয়া গোচৰ ৰুজু কৰি বিশদ প্ৰতিবেদন বিচাৰি দিল্লী আৰক্ষী আয়ুক্তক আনুষ্ঠানিক জাননী জাৰি কৰিছে। মানৱ অধিকাৰ আয়োগৰ এই দ্ৰুত আৰু কঠোৰ পদক্ষেপক বিভিন্ন পৰ্যায়ত আদৰণি জনোৱা হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এই কাৰ্যক প্ৰশংসা কৰি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এক বিবৃতিত ড০ শইকীয়াই কয় যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সঠিক সময়ত অতি উপযুক্ত আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁ অভিযোগ কৰে যে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ভেঙুচালি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। যেতিয়া শাসকীয় দল বা চৰকাৰে গণতান্ত্ৰিক উপায়েৰে সাংবাদিকৰ কণ্ঠ দমন কৰাত ব্যৰ্থ হয়, তেতিয়া বল আৰু প্ৰশাসনিক হেঁচাত সাংবাদিকক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে, যিটো যিকোনো গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে অত্যন্ত বিপজ্জনক আৰু নিন্দনীয়।
বিশ্লেষকসকলৰ মতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লী আৰক্ষী আয়ুক্তক দিয়া জাননীৰ ফলত এই বিষয়ত আৰক্ষী প্ৰশাসনৰ ওপৰত হেঁচা বাঢ়িছে। সাংবাদিকৰ অধিকাৰ সুৰক্ষা আৰু হাৰাশাস্তিৰ বিষয়টোৱে পুনৰবাৰ ৰাষ্ট্ৰীয় বিতৰ্কৰ সূচনা কৰিছে আৰু এই বিষয়ত মানৱ অধিকাৰ আয়োগৰ প্ৰতি দিল্লী আৰক্ষীয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া চাবলৈ গুৰুত্বপূৰ্ণ হ’ব।










