গুৱাহাটী,৩ নবেম্বৰঃ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়া তেনেই স্বাভাৱিক হৈ পৰিছে। বৃহস্পতিবাৰে পুনৰ মহানগৰীৰ বশিষ্ঠত উদ্ধাৰ হয় এটা মৃতদেহ। বশিষ্ঠৰ ১৩ নম্বৰ গলিৰ কিনাৰা কাটাত উদ্ধাৰ হয় মৃতদেহটো। কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো পেলাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। মৃতদেহৰ সমীপত উদ্ধাৰ হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী। জানিব পৰা মতে মৃত ব্যক্তিজন পেছাত এজন চালক। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। স্নিফাৰ ডগৰ সৈতে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। এতিয়ালৈকে আৰক্ষীয়ে লোকজনৰ পৰিচয় লাভ কৰা নাই।