গুৱাহাটী,৪ নবেম্বৰঃ ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল ৬ নবেম্বৰত ঘোষণা কৰা হ’ব। টুইটাৰ যোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদৰ বাবে ২১ আগষ্টৰ পৰা লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাৰ বাবে ১৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইতিমধ্যে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। চতুৰ্থ বৰ্গৰ ১৩৩৪১ টা পদৰ বিপৰীতে ২৬৬৮২ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়। ৬ নবেম্বৰত ঘোষণা কৰা হ’ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।










