নিউজ ডেক্স,৩০ ডিচেম্বৰঃ বছৰটোৰ শেষত বিশ্ববাসীৰ বাবে আহিল এটি অতি বেয়া খবৰ। ফুটবল বিশ্বৰ এটা অনবদ্য যুগ পেলেৰ দেহাৱসান। ৮২ বছৰ বয়সত এই ধৰাৰ পৰা বিদায় মাগে ফুটবলৰ সম্ৰাটগৰাকীয়ে। ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেই দুভৰিৰ যাঁদুৰে ব্ৰাজিলৰ বাবে জয় কৰিছিল তিনিবাৰকৈ বিশ্বকাপ। পেলেক বহুলভাৱে ফুটবল খেলপথাৰত ভৰিৰ যাদু দেখুওৱা অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি গণ্য কৰা হয়। ১৯৫৮ চনত ফিফা বিশ্বকাপত অভিষেক ঘটাইছিল পেলেই। তেতিয়াৰ ১৭ বছৰীয়া পেলেই সেই প্ৰতিযোগিতাত নিজৰ দলৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰ ফালৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা ফুটবল কিংবদন্তিগৰাকীয়ে অৱশেষত বিদায় মাগে। ‘কলন কেন্সাৰ’ ৰোগৰ বাবে স্বাস্থ্য অতি বেয়া হৈ আহিছিল। অৱশেষত শৰীৰৰ অংগ বোৰেও কাম কৰা বন্ধ কৰি দিছিল পেলেৰ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুবলাৰ হিচাপে গন্য কৰা পেলেৰ জন্ম ১৯৪০ চনত ব্ৰাজিলৰ ট্ৰে ক’ৰেক’ছ নামৰ ঠাইত হৈছিল।