গুৱাহাটী,৭ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। এই সন্দৰ্ভত ইতিমধ্যে দুই সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে আৰম্ভ কৰা অভিযানকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰী এই পদক্ষেপক আদৰণী জনাইছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে। মঙলবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতীয়ে এখন সংবাদমেল সম্বোধন কৰি বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণী জনায়। আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে বাল্য বিবাহে প্ৰত্যক্ষভাৱে শিশুৰ অধিকাৰ খৰ্ব কৰে। বাল্য বিবাহ হোৱা মানে সেই নাবালিকাগৰাকী শিক্ষাকে ধৰি সকলো দিশৰ পৰা বঞ্চিত হয়। মানসিকভাৱেও বাধাপ্ৰাপ্ত হয়। যাৰবাবে বাল্য বিবাহ ৰোধ কৰাৰ অতি প্ৰয়োজন আছে। তেওঁ কয় যে ৰাজ্যত দীৰ্ঘদিন ধৰি ভংগ হৈ আহিছে শিশুৰ অধিকাৰ। শিশু অধিকাৰ আইন নজনাকৈয়ে ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে। ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তি বাল্য বিবাহৰ লগত জড়িত থাকে তেন্তে শাস্তিৰ সন্মুখীন হ’ব পাৰে। ২ বছৰৰ ক‍ৰাগাৰ আৰু ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে সেই লোকজনে। আনহাতে বাল্য বিবাহৰ ক্ষেত্রত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকাসকলো আইনৰ দৃষ্টিত দোষী। বাল্য বিবাহৰ ক্ষেত্রত থকা আইনখন যথেষ্ট কঠোৰ বুলি উল্লেখ কৰি তেওঁ কয় যে আইন সম্পৰ্কে নজনা আৰু বহুতো ভ্ৰ‍ান্ত ধ‍ৰণাৰ বাবে আমাৰ সমাজত বাল্য বিবাহ হৈ আহিছে। আইন অনুসৰি ৰভা দিয়া লোকজনৰ পৰা ধৰি বিয়া খাবলৈ যোৱা তথা বিয়াত উপস্থিত থকা সকলো সমানে দোষী। তেওঁ লগতে কয় যে বাল্য বিবাহৰ বাবেই নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ অসমত বেছি। বাল্য বিবাহ ৰোধৰ ক্ষেত্রত আৰক্ষীৰ সহযোগিতা পুতৌজনক বুলি সদৰি কৰি তেওঁ কয় যে বাল্য বিবাহৰ ক্ষেত্রত থানাত সঠিক মতে গোচৰ ৰুজু নহয়। আনহাতে সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সামঞ্জস্য নাই। সেইদৰে বিভিন্ন সময়ত খবৰ পাই সময়ত উপস্থিত নোহোৱাৰ বাবে বাল্য বিবাহ সম্পন্ন হয়৷ শিক্ষা বিভাগো বাল্য বিবাহৰ বাবে বহু সময়ত জগৰীয়া বুলি তেওঁ সদৰি কৰে। ছোৱালী এজনী বিদ্যালয়লৈ নাহিলে কিয় নাহিল তাৰ তদন্ত কৰি ব্যৱস্থা নলয় বিদ্যালয়সমূহে। আনহাতে ডিচিপিঅ’ সকলো সমানে জগৰীয়া। বাল্য বিবাহৰ দায়িত্ববাহী বিষয়া একো একোজন ডিচিপিঅ’। বহু সময়ত উপায়ুক্তসকলেও গুৰুত্ব নিদিয়াত সমস্যা বাঢ়ে বুলি সদৰি কৰি তেওঁ কয় যে বহু সময়ত আয়োগে উপায়ন্তৰ হৈ মুখ্য সচিবলৈ পত্ৰ লিখিব লগীয়া হৈছে। সংবাদমেলত আয়োগৰ সদস্যা ৰূপা হাজৰিকাকে ধৰি আন কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।