সৰুপথাৰ, ১১ ফেব্ৰুৱাৰীঃসৰুপথাৰ থানাৰ আৰক্ষীয়ে সৰুপথাৰ নগৰত তালাচী অভিযান চলাই থকা সময়তে এ এছ ০১ এম চি ৬৩৪৩ নম্বৰৰ এখন টাটা যোদ্ধা গাড়ীৰ পৰা ১৭ বস্তা অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শুক্ৰবাৰে সন্ধিয়া অসম নগালেণ্ড সীমান্তৰ চুঙাজানৰ পথেদি দুজন লোকে এখন বলেৰ গাড়ীত কেঁচা তামোলৰ বস্তাৰ মাজত অবৈধ চোপাৰী সমূহ সৰবৰাহ কৰিবলৈ লওতেই সৰুপথাৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ সৰুপথাৰ আৰক্ষীয়ে চুপাৰী সহ মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ অন্তৰ্গত জোনাব আলিৰ পুত্ৰ নজৰুল ইছলাম, চাদ্দাম হুছেইন নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ জব্দ কৰা চুপাৰীখিনি মৰিগাঁৱলৈ নিবলৈ চেষ্টা চলাইছিল বুলি আটক কৰা দুয়োজন লোকে জানিবলৈ দিয়ে ৷সৰুপথাৰ আৰক্ষীয়ে দুয়োজন লোককে সৰুপথাৰ সমূহীয়া চিকিৎস্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাই সৰুপথাৰ থানাত অধিক তথ্য উদঘাটনৰ বাবে সোধাপোছা অব্যাহত ৰাখিছেউল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে অসম নগালেণ্ড সীমান্তৰ এই অঞ্চলটোৰ পৰা আৰক্ষীয়ে কেইবাশ বস্তা অবৈধ চুপাৰী সহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম গৈছিল ৷ কিছু দিন অবৈধ চুপাৰী সৰহবৰাহ কাৰ্য সাম কাটিছিল যদিও পুনৰ এই অঞ্চলোটত অবৈধ চুপাৰী সৰহবৰাহ কৰা অসাঘূ চক্ৰটো সৰৱ হৈ উঠিছে ।










