নিউজ ডেক্স,১৯ জুনঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত ক্ৰুজ ব্যৱসায়ত ৭৫ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড হিচাপে খ্যাতি অৰ্জা কোষ্টা ক্ৰুজৰ মাধ্যমেৰে ভাৰতৰ ঘৰুৱা বজাৰৰ বাবে এক নতুন ক্ৰুজ সেৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ই মুম্বাই, কোচিন, গোৱা আৰু লক্ষ্যদ্বীপৰ ঘৰুৱা বৰ্তনীত এটা আন্তৰ্জাতিক ক্ৰুজ কোম্পানীৰদ্বাৰা প্ৰথম ক্ৰুজ সেৱাৰ আৰম্ভণি চিহ্নিত কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতত ক্ৰুজ পৰ্যটনৰ অপৰিসীম সম্ভাৱনা ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বৰ্তনী দুয়োটা ক্ষেত্ৰতে মুখ্যতঃ অব্যৱহৃত হৈ আছিল। সেয়েহে এই সুযোগ-সম্ভাৱনাসমূহৰ উদঘাটনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমি ভাৰতৰ উপকূলীয় অঞ্চলসমূহৰ উন্নয়নত যথেষ্ট গুৰুত্ব দিছোঁ বুলি তেওঁ কয়। তেওঁ লগতে কয় যে আজি আমি উপকূলীয় ক্ৰুজ পৰ্যটনৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িছোঁ, যিয়ে উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছে। আমাৰ উপকূলীয় অঞ্চলবোৰ সাংস্কৃতিক আৰু ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ। ভাৰতৰ উপকূলীয় অঞ্চলসমূহৰ যথাৰ্থতে অন্বেষণৰ বাবে পৰ্যটকসকলৰ বাবে আন্তৰ্জাতিক ক্ৰুজ সেৱাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে এই নতুন উপকূলীয় ক্ৰুজ সেৱাই পৰ্যটন খণ্ডত বিকাশৰ এক নতুন যুগৰ আৰম্ভণি কৰিব যিয়ে আমাৰ লক্ষ্যক আগুৱাই নিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সাগৰমালাৰ জৰিয়তে আমি বিভিন্ন গুৰুত্বপূৰ্ণ লক্ষ্য প্ৰাপ্ত কৰিব বিচাৰোঁ, যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক ত্বৰান্বিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ৰুজ লাইনাৰসমূহক ভিতৰুৱা অঞ্চলৰ অধিক সংখ্যক লোকক আকৰ্ষিত কৰিবলৈ আৰু নতুন অভিজ্ঞতা দিবলৈ আহ্বান জনায়। তদুপৰি, এই ক্ৰুজ সেৱাই ভাৰত আৰু ইটালীৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰিব বুলি তেখেতে মত পোষণ কৰে। কোষ্টা ছেৰেনাই আৰম্ভ কৰা নতুন ক্ৰুজ কাৰ্যসূচীত ২ৰ পৰা ৫ দিনলৈ বিভিন্ন ধৰণৰ ক্ৰুজ সেৱা আগবঢ়োৱা হ’ব যাৰ দ্বাৰা পৰ্যটকসকলে মুম্বাই, গোৱা, কোচিন আৰু লক্ষ্যদ্বীপ ভ্ৰমণ কৰিব পাৰিব। কোম্পানীটোৱে নিশ্চিত কৰিছে যে চলিত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা ১ জানুৱাৰী, ২০২৪লৈ ভাৰতত মুঠ ২৩টা নতুন যাত্ৰাক সামৰি লোৱা হ’ব। উক্ত জাহাজখনত ৩,৭৮০ গৰাকী লোকৰ বাবে মুঠ ১৫০০টা কেবিন আছে, যাৰ ভিতৰত ৫০৫টাত ব্যক্তিগত বেলকনি আছে আৰু ১৪টা যাত্ৰীবাহী ডেক আছে।










