নিউজ ডেক্সঃ২১-২৩ জুনত আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।২১ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত তেওঁ আমেৰিকাত উপস্থিত হ’ব। মোডীৰ ভ্ৰমণৰ পূৰ্বে সোমবাৰে সংবাদমেল সম্বোধন কৰে ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই। তেওঁৰ মতে, বহু প্ৰত্যাশিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ।প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱাট্ৰাই কয় যে এই ভ্ৰমণে প্ৰতিৰক্ষা আৰু উদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত এক চিন ৰাখিব। বৈদেশিক সচিবগৰাকীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন আৰু উন্নয়নৰ সকলো দিশতে মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত আলোচনা হ’ব।এই বৈঠকৰ মূল কেন্দ্ৰবিন্দু হ’ব দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা।’ প্ৰধানমন্ত্ৰীয়ে সেই দেশৰ সৈতে শক্তিশালী বাণিজ্য আৰু বিনিয়োগ অংশীদাৰিত্বৰ কথাও ক’ব। ইয়াৰ উপৰিও প্ৰযুক্তি, টেলিকম, মহাকাশ আৰু উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি কোৱাট্ৰাই কয়।মোডীৰ আমেৰিকা ভ্ৰমণ নিউয়ৰ্কৰ পৰা আৰম্ভ হ’ব, য’ত তেওঁ ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব। তাৰ পিছত ২২ জুনত প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দিব। অৱশেষত ২৩ জুনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিদেশ মন্ত্ৰী এণ্টনি বিলকেনকেনে যৌথভাৱে প্ৰধানমন্ত্ৰী মোডীৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।আনুষ্ঠানিক যোগাযোগৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ সময়ত বিভিন্ন সংস্থাৰ চিইঅ’, পেছাদাৰী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতেও কেইবাখনো আলোচনা কৰাৰ কথা আছে।