গুৱাহাটী,৭ জুলাইঃ কোনো কাৰণতে অসমত মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ’ব। এই হুংকাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ। ৰাজ্যত নতুনকৈ দুই হাজাৰ সুৰাৰ বিপণী খোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰদেশ মহিলা কংগ্ৰেছ। শুকুৰবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ পুনৰ বৃদ্ধি কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মূখত প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্যাসকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ‘শকুনি মামা” আখ্যা দি প্ৰতিবাদকাৰী সকলে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। আনহাতে প্ৰদেশ মহিলা কংগ্ৰেছে প্ৰতীকি ৰূপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সুৰাৰ বটলৰ মালা পিন্ধাই ব্যংগাত্মকভাৱে সমালোচনা কৰে।










