নিউজ ডেক্সঃউত্তৰ-পশ্চিম পাকিস্তানত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষ আৰু আত্মঘাতী গাড়ী বোমা বিস্ফোৰণত সেনা মেজৰ সহ কমেও চাৰিজন জোৱান নিহত হৈছে।আফগানিস্তানৰ সীমান্তৱৰ্তী আৰু পূৰ্বৰ উগ্ৰপন্থী দুৰ্গ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ খাইবাৰ আৰু উত্তৰ ৱাজিৰিষ্টান জিলাত সংঘটিত হৈছে এই কাণ্ড।
পাকিস্তানী তালিবান নামেৰেও পৰিচিত গোটটোৱে সাংবাদিকৰ আগত দিয়া এক বিবৃতিত দাবী কৰে যে টিটিপি যোদ্ধাসকলে প্ৰতিশোধ লোৱাৰ লগতে কেইবাটাও নিৰাপত্তা বাহিনী আহত কৰে। প্ৰায় দুবছৰ পূৰ্বে আফগানিস্তানৰ পৰা আমেৰিকাৰ নেতৃত্বত নাটো বাহিনী প্ৰত্যাহাৰৰ পিছত আফগানিস্তানত ইছলামিক তালিবানে পুনৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা আমেৰিকাত তালিকাভুক্ত বিশ্ব সন্ত্ৰাসবাদী সংগঠন টিটিপিয়ে পাকিস্তানত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। পাকিস্তানী বিষয়াসকলৰ মতে, পাকিস্তানী তালিবানৰ নেতা আৰু যোদ্ধাসকলে আফগানৰ মাটিত আশ্ৰয় লৈ তাৰ পৰাই সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ অব্যাহত ৰাখিছে। পাকিস্তানত টিটিপি আৰু অন্যান্য বিদ্ৰোহী গোটৰ আক্ৰমণত চলিত বৰ্ষৰ প্ৰথম ছমাহত নিৰাপত্তা বাহিনীৰ সদস্যকে ধৰি প্ৰায় ৪০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।