লখিমপুৰ, ২৭ ডিচেম্বৰ ; ” যি সময়ৰ প্ৰাকৃতিক পৰিবেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰী বিভিন্ন আঁচনিৰে বৃক্ষ ৰোপনৰ জৰিয়তে ধৰণি সেউজীয়া কৰাৰ প্ৰয়াস কৰা হৈছে সেই সময়তেই একাংশ অসৎ প্ৰকৃতিৰ লোকে সংৰক্ষিত এলেকাত থকা গছ বন কাটি নিঃশেষ কৰাৰ প্ৰক্ৰিয়া নিৰন্তৰ ভাবে চলাই গৈছে । শেহতীয়াকৈ লখিমপুৰ জিলাৰ পূব তেলাহী গাঁও পঞ্চায়তৰ এচেৰাকতাৰ সোৱণশিৰি চাপৰিত অবাধ ৰূপত চলিছে বনজ সম্পদৰ ধংশলীলা । বিগত ৫/৬টা দিন ধৰি অত্যাধুনিক গছ কটা মেচিনেৰে ধাৰাসাৰ ৰূপত শ শ জোপা বিভিন্ন মূল্যবান গছ গছনি কাটি নিঃশেষ কৰি থকাৰ পাছতো লখিমপুৰ জিলা বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । এই সন্দৰ্ভত এচেৰাকতাৰ একাংশ সচেতন লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে – অঞ্চলটোৰ একাংশ লোকে বিশেষকৈ মাটি দখল কৰাৰ উদ্দেশ্যেত বিগত পাঁচটা দিন ধৰি বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি অতি সংগোপনে শিমলু,এজাৰ, মজ, আদি বিভিন্ন উন্নত জাতৰ গছ কাটি উক্ত গছৰ বিম বনাই লখিমপুৰ নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সোৱণশিৰি নদী নিশা পৰাপাৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাইছে । জানিব পৰা মতে বিশেষকৈ বনৰীয়া জীৱ জন্তু চৰিবৰ বাবে বাফাৰ লেণ্ড হিচাপে চৰকাৰী ভাবে সংৰক্ষিত কৰি ৰখা হৈছিল সোৱণশিৰিৰ পাৰৰ উক্ত বনুভূমি । বাৰিষা -খৰালি কাজিৰঙা অভয়াৰণ্য বা অন্য বিভিন্ন ঠাইৰ পৰা অহা বনৰীয়া জীৱ জন্তু ,চৰাই চিৰিকটি আদিয়ে সোৱণশিৰিৰ পাৰৰ এই জংঘলত আশ্ৰয় লয় । কিন্ত একাংশ লোকে চাপৰিটোত থকা গছ গছনি কাটি ট্ৰেক্টৰ লগাই সৰবৰাহ কৰিছে । বিগত সময়তো সোৱণশিৰিৰ পাৰে পাৰে থকা বিভিন্ন জোপা সৰু বৰ শিমলু গছ এক দুষ্ট চক্ৰই কাটি ৰমৰমীয়া ব্যৱসায় চলোৱা সন্দৰ্ভত মাজে সময়ে অভিযান চলায় যদিও এই অভিযান ৰহস্যজনক কাৰণত বন্ধ হৈ পৰে । অঞ্চলটোত বিগত পাঁচটা দিন ধাৰাসাৰ ৰূপত গছ গছনি কাটি নিঃশেষ কৰাৰ পাছতো বৰ্তমানলৈকে বন বিভাগে কোনো পদক্ষেপ নোলোৱাত সচেতন ৰাইজ ক্ষুণ্ণ হৈছে । এই ক্ষেত্ৰত তাৎক্ষণিক ভাৱে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰিবনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ জিলাৰ পূব তেলাহীৰ এচেৰাকটাত সোৱণশিৰি চাপৰিত ব্যাপক ৰূপত বন ধ্বংস যজ্ঞ...










