গুৱাহাটী,৯ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ কাৰণসমূহ গভীৰভাৱে পৰ্যালোচনা কৰা হয়। ২০২১ চনৰ তুলনাত ২০২৬ চনত গৰিষ্ঠসংখ্যক সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে ভোট বেছিকৈ পোৱাৰ পিছতো কি পৰিস্থিতিত প্ৰাৰ্থীসকল পৰাজিত হৈছে সেই বিষয়ে আলোচনা কৰা হয়। নিৰ্বাচন আয়োগৰ নিৰপেক্ষ ভূমিকাৰ পৰিৱৰ্তে শাসকীয় পক্ষক সহায় কৰা, হিতাধিকাৰী আঁচনিৰ ৰাজনীতিকৰণ কৰা, ইভিএমৰ বিসংগতি, দলৰ সাংগঠনিক দুৰ্বলতা আদি বিষয়সমূহক গুৰুত্ব প্ৰদান কৰি বৈঠকত আলোচনা কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দলৰ বিফলতা পৰ্যালোচনা কৰিও ২০২৯ৰ লোকসভা নিৰ্বাচনৰ বাবে আজিৰ তাৰিখৰ পৰা সাজু হ’বলৈ আহ্বান জনায়। গগৈয়ে প্ৰতিনিধিসকলক উদ্দেশ্যি কয় যে অসমৰ ৰাইজৰ কাষত থাকি সমস্যাসমূহ দাঙি ধৰা আৰু চৰকাৰৰ ভুল নীতিসমূহ আঙুলিয়াই দিয়াৰ দায়িত্ব এতিয়া যথেষ্ট বাঢ়িল। সাংগঠনিক বিষয়সমূহ সূক্ষ্মভাৱে পৰ্যালোচনা কৰি দলীয় নেতৃত্বই শীঘ্ৰেই জনসংযোগৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু দলৰ ভাতৃ তথা শাখা সংগঠনসমূহৰ লগত অহা সোমবাৰৰ পৰা বিস্তৃতভাৱে আলোচনা কৰিব। এই সন্দৰ্ভত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দলৰ সাধাৰণ সম্পাদকক দায়িত্ব প্ৰদান কৰে সভাপতি গৌৰৱ গগৈয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সকলো প্ৰাৰ্থীকে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ গণতন্ত্ৰ সুৰক্ষিত কৰাৰ যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ছাৰে পাঁচ বছৰীয়া কাৰ্যকালত অসমৰ সাংগঠনিক দায়িত্বভাৰ গ্ৰহণ কৰি এজন অসমীয়া হৈ পৰা বুলি উল্লেখ কৰি অসমৰ সংস্কৃতিৱান ৰাইজে দীৰ্ঘদিন বিজেপিক শাসনত থাকিবলৈ নিদিয়ে বুলি উল্লেখ কৰে। সাংসদ ৰকিবুল হুছেইনে নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছলে-বলে কৌশলে কংগ্ৰেছ প্ৰাৰ্থীসকলক পৰাজিত কৰিছে যদিও অসমৰ ৰাইজে পুনৰ কম দিনৰ ভিতৰত কংগ্ৰেছ দলক পুনৰ সুশাসনৰ দায়িত্ব অৰ্পণ কৰিব।

উল্লেখ্য যে, পৰ্যালোচনা বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ”কংগ্ৰেছ দলে যোৱা নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। এই গোটেই নিৰ্বাচনৰ ফলাফলৰ নৈতিক দায়িত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই স্বীকাৰ কৰিছো। দলৰ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাইছো যে তেঁওলোকে পৰৱৰ্তী দিনত আমাৰ সাংগঠনিক ভেঁটি বা ৰণকৌশলৰ ক্ষেত্ৰত যি তেঁওলোকে পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি আমি মানি ল’ম। ৰাইজৰ পৰামৰ্শ লৈ সকলো সমস্যা সমাধানৰ কথা আলোচনা কৰি আগুৱাই লৈ যাবলৈ কাম কৰিম।’’ তেওঁ আৰু কয়, ”আমি জানিব বিচাৰিছিলো যে ইভিএমৰ ভিতৰত এনে কি বেটাৰী অথবা টেকন’লজি আছে যে চাৰ্জ কমেই নহয়। ইমান দিনৰ পাছতো বেটাৰীৰ শতাংশ কমি নাযায়। এই আমি যে অভিযোগবোৰ দিওঁ তাৰপিছতো কিয় স্পষ্টীকৰণ দিব পৰা নাই। ভোটাৰ তালিকাক লৈ সন্দেহ বহুত আছে। এইবোৰৰ ওপৰত আমি বাৰম্বাৰ মাত দিছো।’’ বৈঠকত নিৰ্বাচিত বিধায়ক ডাঃ জয়প্ৰকাশ দাস, আছিফ নজৰ, বেবী বেগম, আইনুৰ ৰশ্বিদ চৌধুৰী (ছামিম)ৰ উপৰিও সামান্য ভোটত পৰাজিত হোৱা প্ৰাৰ্থী উৎপল বণিয়া, বিনন্দ শইকীয়া, সাগৰিকা বৰাইয়ো নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই। অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিহপুৰীয়াৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী নাৰায়ণ (ৰাম) ভূঞা, অভিজিৎ পাল প্ৰমুখ্যে কেবাগৰাকীও প্ৰাৰ্থীয়ে নিজৰ পৰাজয়ৰ কাৰণসমূহ বিশ্লেষণ কৰে।

আনহাতে, বৈঠকৰ অন্তত সাংবাদিকৰে মুখামুখি হৈ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয়, ”মই আজি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে অহা নাই, মই আহিছো কংগ্ৰেছৰ এজন কাৰ্যকৰ্তা হিচাপে। জয়ী হোৱা আৰু পৰাস্ত হোৱা সকলো প্ৰাৰ্থীৰ সৈতে পৰ্যালোচনা কৰিবলৈ মই ইয়াত আহি উপস্থিত হৈছিলো।’’ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে পদত্যাগ কৰা সন্দৰ্ভত সিঙে কয়, ”মই প্ৰায় ৫ বছৰৰো অধিক কাল উক্ত দায়িত্বত আছিলো। গতিকে নতুন মুখৰ প্ৰয়োজন হৈ পৰিছে যাতে কথাবোৰ নতুনধৰণে চাব পাৰে।’’ গৌৰৱ গগৈ সন্দৰ্ভত সিঙে কয় যে গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে মাত্ৰ ১১ মাহ সময়হে হাতত লাভ কৰিছিল। ইমান কম সময়ৰ ভিতৰত গগৈয়ে চেষ্টাৰ কোনো ক্ৰুটি কৰা নাছিল। অনাগত সময়ছোৱাত গগৈয়ে দুগুণ উৎসাহেৰে নতুন ধৰণে অসমত কংগ্ৰেছ দলক আগুৱাই লৈ যাব বুলিও কয় সিঙে। তেওঁ আৰু কয় যে চৰকাৰে যি যি প্ৰতিশ্ৰুতি দিছিল সেয়া যাতে পাহৰি যাব নোৱাৰে তাৰ বাবে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ জনসাধাৰণক লগত লৈ কাম কৰি যাব। শোচনীয় পৰাজয় সন্দৰ্ভত সিঙে কয় যে এইবাৰৰ নিৰ্বাচন যথেষ্ট কঠিন নিৰ্বাচন আছিল। বিজেপি দলৰ লগত ধনবল আৰু ক্ষমতা থকাৰ বিপৰীতে কংগ্ৰেছ দলে চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ চেষ্টা চলাই গৈছিল। সেয়ে পৰাজয়ৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ এআইচিচিয়ে এখন বিশেষ কমিটি গঠন কৰি দিব বুলিও সিঙে কয়। তেওঁ কয় যে উক্ত কমিটিখনে প্ৰতিটো সমষ্টিলৈ গৈ এনে অভাৱনীয় ফলাফলৰ কাৰণ জানিবলৈ চেষ্টা চলোৱাৰ লগতে আহি থকা দিনত কিধৰণে আগবাঢ়িলে সফলতা লাভ কৰিব পৰা যাব সেই সম্পৰ্কেও ৰূপৰেখা প্ৰস্তুত কৰিব। নতুন চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰি সিঙে চৰকাৰখনক প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈকো আহ্বান জনায়।

এই পৰ্যালোচনা বৈঠকত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সদস্যসকলৰ লগতে জিলা কংগ্ৰেছৰ সভাপতিসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। সভাত সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ বলীন কুলী, ৰাণী নৰহ, আৰ পি শৰ্মা, আব্দুল খালেক, প্ৰাক্তন মন্ত্ৰী অজিত সিং, প্ৰণতি ফুকন, জ্যেষ্ঠ নেতা হাফিজ ৰশ্বিদ চৌধুৰী, প্ৰাক্তন বিধায়ক ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ, ৰাজু চাহু, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, এপিচিচিৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা আৰু প্ৰদ্যুৎ ভূঞা উপস্থিত থাকে। সভাৰ আঁত ধৰে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।