জম্মু,২৪ ছেপ্টেম্বৰ : জম্মু কাশ্মীৰত বুধবাৰে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানৱাধিকাৰ কৰ্মী তথা সমাজ সংস্কাৰক ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় ‘ডুগৰা দা সন্মান’ বঁটাৰে সন্মানিত কৰা হয়। সন্মানিয় এই বঁটা জম্মু কাশ্মীৰৰ ডুগৰা শাসনকালৰ ডুগৰা ৰজা, ডুগৰা সাম্ৰাজ্য আৰু সংস্কৃতিৰ নামত উৎসৰ্গিত। বিগত কেইবা দশক ধৰি ডঃ দিব্যজ্যোতি শইকীয়াই অন্ধবিশ্বাস, কুসংস্কাৰ, ড্ৰাগছ আদি ব্যাধিৰ বিৰুদ্ধে কাম কৰি আহিছে। গুণগত, জ্ঞানবৰ্দ্ধক শিক্ষাৰ প্ৰচাৰেৰে, প্ৰেৰণাত্মক ভাষণৰ দ্বাৰা তথা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে ড্ৰাগছ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱাৰ পথ প্ৰদৰ্শকৰ কাম কৰি অহা ডঃ শইকীয়াই সেউজ বিপ্লৱৰ দ্বাৰা কৃষি ক্ষেত্রতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এগৰাকী পথ প্ৰদৰ্শক হিচাপে ডঃ শইকীয়াই বহু নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। বিশেষভাৱে দেশ, মানৱতা আৰু শান্তিৰ বাবে আগবঢ়োৱা উল্লেখনীয় উৎকৃষ্ট সেৱাৰ বাবে ডঃ শইকীয়াক এই বঁটা প্ৰদান কৰা হয়। উল্লেখনীয় যে ডঃ শইকীয়াৰ লগত জম্মু কাশ্মীৰৰ তিনিগৰাকী পদ্মশ্ৰী প্ৰাপক ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। ৯৭ বছৰীয়া সাহিত্যিক-চিন্তাবিদ তথা ৰাজনেতা ডঃ কৰণ সিং হঠাৎ অসুস্থ হোৱা বাবে জম্মু কাশ্মীৰৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ, আলী মহম্মদ খাতানা আৰু ওমানৰ প্ৰাক্তন সাংসদ তথা অভিযন্তা আহমদ অ’ল হাদাবিয়ে ডা শইকীয়াক এই বঁটা প্ৰদান কৰে। বঁটা প্ৰাপকক স্মাৰক, শ্বাল, মেডেল আদিৰে সন্মানিত কৰা হয়। ডুগৰা ৰাজপৰিয়াল, জম্মুৰ সচেতন নাগৰিকৰ বিভিন্ন অনুষ্ঠানৰ সহযোগত হোটেল টাজ ভিভান্তাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটো তথা কাৰ্যসূচীটোৰ উদ্যোক্তা আছিল গ্লোবেল হিউমেন ৰাইটছ ট্ৰাষ্ট। উল্লেখ্য যে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী, প্ৰেৰণাত্মক বক্তা ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ১৮০ টাৰো অধিক বিভিন্ন বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।