লখিমপুৰ, ১১ ছেপ্টেম্বৰ : নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ আলোচনা গৃহত হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক তৃতীয় যান্মাসিকৰ ছাত্ৰ অমৃত প্রতীম বাইলুংৰ কন্ঠ আৰু ক্লিপছ প্রডাকশ্বনৰ প্ৰযোজনাত মুক্তি পোৱা “প্রজেক্ট শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক গীতটো আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। লখিমপুৰৰ প্রথিতযশা চিত্রশিল্পী পৰেশ ভূঞা আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বিমান চন্দ্র চেতিয়াই শতাধিক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত গীতটোৰ দৃশ্য-শ্রাব্য ৰূপটো মুকলি কৰে। গীতটো মুকলি কৰি ডঃ বিমান চন্দ্ৰ চেতিয়াই কয় – প্ৰজেক্ট শংকৰদেৱ শীর্ষক গীতটোৱে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু চিন্তাক সকলোৰে মাজলৈ লৈ যাব। উন্মোচনী সভাখনত “অসমীয়া গীত আৰু ফিউজন” শীর্ষক এক মনোগ্রাহী বক্তৃতা প্রদান কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ হেমন্ত শর্মাই। এই অনুষ্ঠানটোত উপস্থিত থাকে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দিগন্ত হাতীবৰুৱা, ডঃ বর্ণালী বড়া, ডঃ চুচেংফা গগৈ, ডঃ স্বপ্নালী চেতিয়া, নিজৰা গগৈ আৰু লখিমপুৰৰ সংগীত সাধক মৃদুপৱন বৰুৱা। অনুষ্ঠানৰ শেষলৈ ক্লিপছ প্ৰডাকচনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। টমক ৰঞ্জন দত্তই আঁত ধৰা অনুষ্ঠানটোত ক্লিপছ প্ৰডাকচনৰ তৰফৰপৰা উপস্থিত থাকে ক্লিপছ প্ৰডাকছনৰ স্বত্বাধিকাৰী চিন্ময় কাশ্যপ শৰ্মা আৰু নিকু দুৱৰা। সেইদৰে ক্লিপছ প্ৰডাকচনৰ সদস্যবৃন্দ তথা গীতটোৰ সৈতে বিভিন্নভাবে জড়িত ক্রমে ধ্ৰুৱ গোস্বামী, দীপৰাজ দলে, বিপ্লৱ নেওগ, হৃদি তামুলী, দর্শনা গগৈ, আকাংক্ষা মাধৱ তামুলী, জিন্তু তামুলী আদিসকল উপস্থিত আছিল। গীতটো মুকলি হোৱাৰ পাছত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত গীতটোৰ প্ৰয়োজনৰ সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে তমক ৰঞ্জন দত্ত, অমৃত প্ৰীতম বাইলুং ,আদিয়ে ।