লখিমপুৰৰ ষ্টাফ ৰিপটাৰ,২ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পাভ নদীৰ বক্ষত সন্দেহ জনক নাগৰিকে বসতি স্থাপন কৰিবলৈ লোৱাত ৰাজহ চক্ৰটোৰ প্ৰায় কুৰি খনৰো গাওঁ বানৰ কবলত পৰিছে। নদীৰ বক্ষত তথা বালিচৰত বসতি স্থাপন কৰা এই সকল লোকক শীঘ্ৰে উচ্ছেদৰ দাবীত কালি নাওবৈচাত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে নদী খনত চলা বেদখলৰ বাবেই নদীৰ জলৰাশিয়ে পশ্চিম নাওবৈচাবাসীৰ জীৱন জীৱিকা যোৱা পাঁচ -ছয়টা বছৰে বিপদগ্ৰস্ত হৈ আহিছে। বাৰিষা প্ৰায় ছমাহকাল নদী খনে সংহাৰী ৰূপ ধাৰণ কৰে।পাভ নদীৰ ধাৰাবাহিক বানত পশ্চিম নাওবৈচাৰ বলাম, বিষ্ণুপুৰ, কুটুকাই, ৰাজআলিকে ধৰি প্ৰায় কুৰিখনত কৈ অধিক গাঁৱৰ সহস্ৰাধিক লোকৰ জীৱন জীৱিকা,সা সম্পত্তি বানে থান বান কৰি আহিছ । আকৌ ভূতৰ ওপৰত দানহ পৰাদি পাভ নদীৰ মূল প্ৰৱাহমান সুঁতিত ( বালিচৰত) একাংশ সন্দেহজনক লোকে বেদখল কৰি ঘৰ বাৰী পুখুৰী স্থাপন কৰাত দিনক দিনে বান সমস্যাটো জটিলৰ পৰা জটিল হৈ আহিছে । উল্লেখযোগ্য যে বিগত মাহত পাভ নদীৰ সংহাৰী বানে যি জলপ্ৰলয়ৰ সূচনা কৰিলে সেই প্ৰলয়ৰ মূল উৎস আছিল নদীখনৰ মূল সুঁতিত চলা বেদখল কাৰ্য । শেহতীয়াকৈ মূলসুঁতিত বেদখল কৰা সন্দেহজনক লোক সকলে পাভ নদীত জলসম্পদৰ বিভাগৰ মথাউৰি থকাৰ পিছতো পুনৰ এটা চাইড বান্ধ মাৰি দিয়াত নদীখন নামনিলৈ বৈ যাৱ নোৱাৰাত নদীখনৰ বাওঁপাৰৰ উল্লেখিত কুৰিখন গাঁও শেহতীয়াকৈ সংহাৰী বানৰ কৱলত পৰিছে । এই অবৈধ বেদখলৰ সন্দৰ্ভত স্থানীয় অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে বুধবাৰে দুপৰীয়া বানত ককবকাই থকা শতাধিক পুৰুষ মহিলা ওলাই আহি বেদখল উচ্ছেদৰ দাবী তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰক,পাভ নদীৰ মূল সুঁতি ঘূৰাই দিয়ক,অবৈধ চাইড বান্ধ ভাঙি দিয়ক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
