লখিমপুৰ,৬ জুনঃ লখিমপুৰৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। দেওবাতে বিয়লি নাওবৈচাত ৰাষ্ট্ৰীয় ঘাইপথত এটি কণমানি শিশুৱে দ্রুত বেগত বাইক চলাই যোৱা শিহৰণকাৰী দৃশ্যই আজি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৫ জুনৰ বিয়লি ৪ মান বজাৰ এই কাণ্ড আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে তোলপাৰ লাগে। প্রাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত দিজু ৰামপুৰৰ এটি প্রায় ৬-৭ বছৰীয়া শিশুৱে তেওঁৰ খুড়াকৰ লগত ২২০ পালছাৰ মটৰ চাইকেল প্ৰায় ৫০-৬০ কিঃ মিঃ বেগত নাওবৈচাৰ পৰা পহুমৰা অভিমুখে ৰাষ্ট্ৰীয় ঘাই পথত বাইক চলাই যোৱা দৃশ্য স্থানীয় এজন লোকে নিজৰ ম’বাইলত বন্দী কৰি আজি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছত আৰক্ষীয়ে কণমানি শিশুটিৰ খুড়াকক বিচাৰি চলাথ কৰিছে যদিও ইতিমধ্যে খুড়াকে পলায়ন কৰিছে।