গুৱাহাটী,৭ জুনঃ ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ ৫৬.৪৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৭৩ শতাংশ। বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰৰ মেট্ৰিকৰ ফলাফল যথেষ্ট বেয়া। উল্লেখ যে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪,৩১,১৩২ গৰাকী। ইয়াৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪,০৫,৫৮২ গৰাকী পৰীক্ষাৰ্থী আৰু উত্তীৰ্ণ হয় ২,২৯,১৩১ গৰাকী। আনহাতে পৰীক্ষাত অৱতীৰ্ণ হোৱা ১,৮৮,৫৭০ জন ছাত্রৰ ভিতৰত উত্তীৰ্ণ হয় ১,১০,৮৮৮ জন আৰু ২,১৭,০১২ গৰাকী ছাত্রীৰ ভিতৰত উত্তীৰ্ণ হয় ১,১৮,২৪৩ গৰাকী। ছাত্রৰ উত্তীৰ্ণৰ হাৰ ৫৮.৮০ শতাংশ আৰু ছাত্রীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ১৪,৩০৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ নোহোৱাৰ বিপৰীতে ৩১ গৰাকী উইথহেল্ড আৰু ২০৯ গৰাকীক পৰীক্ষাৰ পৰা এক্সপেইলড কৰা হয়। আজি ঘোষিত ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ৬৫,১৭৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত ৯৯,৮৫৪ গৰাকী আৰু তৃতীয় বিভাগত ৬৪,১০১ গৰাকী উত্তীৰ্ণ হয়। লক্ষণীয় বিষয় যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্রৰ তুলনাত ছাত্রীৰ সংখ্যা বেছি আছিল। আনহাতে উত্তীৰ্ণ সংখ্যাৰ ফালৰ পৰা ছাত্রৰ ফলাফল ছাত্রীৰ তুলনাত ভাল। ইফালে এইবাৰ শীৰ্ষৰ দহটা স্থান অধিকাৰ কৰিছে মুঠ ৫৫ গৰাকী শিক্ষাৰ্থীয়ে। শীৰ্ষৰ প্ৰথম স্থানৰ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাত এইবাৰ মুঠ চাৰিগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে কামৰূপ মহানগৰ জিলাৰ ছয়গৰাকী শিক্ষাৰ্থীয়ে এইবাৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে ধেমাজি জিলাত সৰ্বাধিক ৮৫.৪৬ শতাংশ আৰু চিৰাং জিলাত সৰ্বনিম্ন ৩৪.২৭ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰৰ ফলাফলত ১,৫৭,১০৪ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ লগতে ৮,৩৭৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১৪,০৪৭ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। লক্ষণীয় বিষয় যে বিগত তিনিবছৰৰ তুলনাত এইবাৰৰ ফলাফল যথেষ্ট নিম্নগামী হৈছে। অৱশ্যে বিগত বৰ্ষত ক’ভিড পৰিস্থিতিৰ বাবে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত বিকল্প মূল্যায়ন ব্যৱস্থাৰে পৰীক্ষা অবিহনে ফলাফল ঘোষণা কৰা হৈছিল। বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ৪,২৬৫৫৩ গৰাকী শিক্ষাৰ্থীৰ আৰু হাইমাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল বিকল্প পদ্ধতিৰে প্ৰদান কৰিছিল ছেবাই। বিগত বৰ্ষৰ বিকল্প মূল্যায়ন ব্যৱস্থাৰে ঘোষণা কৰা ফলাফলত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ আছিল। সামগ্ৰীকভাৱে বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ। আনহাতে বিগত বৰ্ষত শীৰ্ষস্থানৰ ব্যৱস্থা নাছিল। বিগত বৰ্ষৰ কথা বাদ দিলেও ২০২০ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৬৪.৮০ শত‍াংশ আৰু ২০১৯ বৰ্ষত আছিল ৬০.২৩ শতাংশ। সেই অনুপাতে এইবাৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে।
উল্লেখ যে পুৱা ১০ বজাত ছেবাই পৰীক্ষাৰ ফলাফল ঘোষণা কৰে যদিও ইয়াৰ বহু পূৰ্বে পুৱাই পৰীক্ষাৰ ফলাফল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ছেবাই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা সদৰি কৰিছে।