গুৱাহাটী,২১ জুনঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। পিপিই কিট কেলেংকাৰীক লৈ মনীষ চিছোদিয়াই দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সংবাদ মেলতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰিণিকি ভূঞা শৰ্মা সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ৪ জুনত দিল্লীত আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এন এইছ এমৰ ঠিকাৰ দ্বাৰা পিপিই কিট যোগান ধৰা বুলি সংবাদ মেলখনত কৈছিল। পিপিই কিট সন্দৰ্ভত দিয়া সেই সংবাদ মেলত অনাহকত চৰকাৰী ঠিকাৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰি লৈছিল বুলি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। এই সন্দৰ্ভত আজি ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত গোচৰ তৰে। অধিবক্তাৰ মতে জে চি বি ইণ্ডাষ্টিৰ ১৪৮৫ টা পি পিই কিট চি এছ আৰৰ অধীনত অসম চৰকাৰক দান কৰা হৈছিল। জে চি বি ইণ্ডাষ্টিয়ে কোনো বিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক দাখিল কৰা নাই। লক্ষণীয় বিষয় যে দিল্লীত আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই অনা অভিযোগৰ বিষয়টোৱে এতিয়া অন্য ৰূপ লৈছে।