তিনিচুকীয়া,২১ জুন: আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আজি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত ৫০ গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দহ হাজাৰ টকাকৈ চেক বিতৰণ কৰাৰ লগতে ২৫ গৰাকী স্থানীয় বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ অনুষ্ঠানতে পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহচক্ৰৰ কেইবাগৰাকী ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে। আনহাতে ই-শ্ৰম পৰ্টেলত পঞ্জীয়কৃত জিলাখনৰ ৫৫ গৰাকী শ্ৰমিকক ই-শ্ৰম কাৰ্ড বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, তিনিচুকীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় আৰু ম’হখুলি আদৰ্শ চিকিৎসালয়লৈ ৰোগীৰ সুবিধাৰ বাবে একোখনকৈ এম্বুলেঞ্চ আজিৰ অনুষ্ঠানতে প্ৰদান কৰা হয়। এই কাৰ্য্যসূচী উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত নৰসিং পৱাৰে। সভাত ভাষণ আগবঢ়ায় শ্ৰমিকৰ কল্যাণ মন্ত্ৰী সঞ্জয় কিশানে বৰ্তমানৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন কল্যাণকামী আচঁনিৰ বিষয়ে উল্লেখ কৰি আচঁনিসমূহৰ সফল ৰূপায়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰ সদায়ে তৎপৰ বুলি মন্ত্ৰী কিষানে উল্লেখ কৰে। সভাত পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বৰ্তমানৰ চৰকাৰখন ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত বুলি উল্লেখ কৰি সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে বিভিন্ন জনকল্যাণকামী আচঁনিৰ জৰিয়তে যৎপৰোনাস্তি চেষ্টা চলাই থকা হৈছে বুলি কয়। আজি এই বিশেষ কাৰ্য্যসূচীৰ বাবে আয়োজিত সভাত তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, অসম হাইড্ৰ’কাৰ্বন এনাৰ্জি কোম্পানী লিমিটেডৰ উপাধ্যক্ষ শিৱজী ডুবে, ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ পুলক চেতিয়া, বিশিষ্ট সমাজকৰ্মী কুশ নাথ বৰুৱা আৰু জ্যোতিমনি মৰাণ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
