গুৱাহাটী,২ জুলাইঃ উদীয়মান অভিনেতা কিশোৰ দাস আৰু নাই। কৰ্কট ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে কিশোৰ দাসে। নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতা কিশোৰ দাসে। শনিবাৰে চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা কিশোৰ দাসে।দীৰ্ঘদিনে জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস।
চেন্নাইত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী। ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ দুৰ্বল হৈ পৰিছিল কিশোৰ দাস। অভিনেতা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সাংস্কৃতিক ক্ষেত্ৰখনৰ বহুলোকে সহায় আগবঢ়াইছিল। অভিনেতা গৰাকীৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ যো-জা কৰা হৈছে যদিও ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে নশ্বৰ দেহ ঘৰলৈ আনিব পৰা যাব নে নাযায় তাক সঠিক ভাৱে ক’ব পৰা নাযাব। তেওঁ অসমীয়া বহু ধাৰাবাহিকৰ লগতে অসমীয়া বোলছবিটো অভিনয় কৰিছিল।
শেহতীয়াকৈ অভিনেতা গৰাকীয়ে অভিনয় কৰা এখন অসমীয়া ৰোমাণ্টিক হাস্যমধুৰ চলচ্চিত্ৰ “দাদা তুমি দুষ্ট বৰ” মুক্তি লাভ কৰিছিল। অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিশোৰ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।