গুৱাহাটী,৩ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ এনকাউণ্টাৰত নিহত দুই ডকাইত। কাছাৰ জিলাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা। কাছাৰ আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় দুটা কুখ্যাত ডকাইত। দুই ডকাইতৰ নাম কমৰুল ইছলাম ওৰফে লেখই মিয়া আৰু আমৰুল হুছেইন বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত থিতাতে মৃত্যু দুই কুখ্যাত ডকাইত ৷ শিলচৰসহ কাছাৰৰ বিভিন্ন থানাত লেখই আৰু আমৰুলৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুয়ো ডকাইতকে ৷ তাৰ পাছতে যোৱানিশা দুই ডকাইত লগত লৈ কাটিগড়াৰ গুমড়াত তদন্তৰ কাৰণে উপস্থিত হৈছিল আৰক্ষী ৷ কিন্তু উভতি যোৱাৰ সময়তে আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰে দুয়ো ডকাইতে ৷ পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী দুই ডকাইতলৈ। ঘটনাস্থলীত দুইজনৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে মৃতদেহ ৷ কমৰুল ইছলাম ওৰফে লেখই মিয়াৰ ঘৰ কাছাৰৰ সোনাই সৈদপুৰত আৰু আমৰুল হুছেইনৰ ঘৰ সোনাই কৃষ্ণপুৰত বুলি জানিব পৰা গৈছে ৷