গুৱাহাটী,৩ জুলাইঃ ঈদত গো কোৰবানী নিদিবলৈ আহ্বান জনাইছে সাংসদ বদৰুদ্দিন আজমলে। দেওবাৰে সংবাদ মাধ্যমৰ তেওঁ এই আহ্বান জনায়। তেওঁ কয় যে ঈদ আনন্দৰ উৎসৱ। এই সময়ত আমি কোনোৱে এনেকুৱা কাম কৰিব নালাগে যিয়ে আমাৰ দেশৰ অন্য ধৰ্মৰ ভাই সকলৰ আৱেগ অনুভূতিত আঘাত হানে। গো কোৰবানী দিয়াৰ কোনো বাধ্য বাধকতা নাই। তেওঁ কয় যে গোৰ বাহিৰে অন্য বহু জন্তু আছে। সেয়া কোৰবানী দিম আৰু সকলোকে এয়াই আহ্বান জনাইছো। তেওঁ কয় যে মানুহৰ মনত কষ্ট দিয়াটো ডাঙৰ পাপ। ইয়াৰ বাবে প্ৰতিবাৰৰ বাবে মই গো কোৰবানী নিদিবলৈ আহ্বান জনাইছো। আজমলে কয় যে আমাৰ ধৰ্মত কোনো মানুহ অথবা জন্তুক আঘাত দিব নালাগে। তেনে কৰিলে তেওঁ স্বৰ্গত স্থান নাপায়। আমাৰ ইয়াত একাংশ লোকেই সনাতন ধৰ্মৰ। তেওঁলোকে গৰুক পূজা কৰে গতিকে কিহৰ প্ৰয়োজন আছে গৰুক কোৰবানী দিয়াৰ।










