গুৱাহাটী,৪ জুলাইঃ আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে একনাথ সিন্দেই। ১৬৪ টা ভোট লাভ কৰি একনাথ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। কেইবাদিনো ধৰি চলি থকা মহাৰাষ্ট্ৰ ৰাজনৈতিক সংকটৰ অৱশেষত অৱসান ঘটিল। আস্থা ভোট সম্পন্ন হোৱাৰ পূৰ্বে সিন্দেই বিধানসভাত কয় যে এই চৰকাৰে বালচাহেব থাকৰেৰ হিন্দুত্ব বিচাৰধাৰাক আগবঢ়াই নিব। সিন্দেই মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে আজি সম্পন্ন হোৱা আস্থা ভোটত একনাথ সিন্দেই ১৬৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে লাভ কৰে ৯৯ টা ভোট। এই ভোট সম্পন্ন হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভাত শ্ৰী ৰামচন্দ্ৰ কি জয়, ভাৰত মাতা কি জয় ধ্বনিও দিয়ে। ভোটৰ সময়ত একাংশ বিধায়কে ভোট দিব পৰা নাছিল। আনহাতে একাংশ বিধায়কে বিধানসভাত থকাৰ পাছতো ভোটদানৰ পৰা বিৰত থাকে।যাৰ বাবে বিপক্ষই শলঠেগত পৰে।










