গুৱাহাটী,৪ জুলাইঃ ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ লাভ কৰিলে কৰ্ণাটকৰ ২১ বছৰীয়া চিনি ছেট্টীয়ে। দেওবাৰে ঘোষিত হয় ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ ফলাফল। এই ফলাফলত কৰ্ণাটকৰ ২১ বছৰীয়া জীয়ৰী চিনি ছেট্টীয়ে খিতাপ অৰ্জন কৰাৰ লগতে ৰাজস্থানৰ ৰুবাল শ্বেখাৱটে প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে উত্তৰ প্ৰদেশৰ শ্বিনাতা চৌহানে। জিঅ’ কনভেন্সন চেণ্টাৰত আয়োজিত হৈছিল এই প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাত জুৰী পেনেলত আছিল বলিউডৰ অভিনেত্ৰী নেহা ধুপিয়া, অভিনেতা ডিনো মৰিয়াকে ধৰি মালাইকা অৰোৰা, প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ, ডিজাইনাৰ ৰোহিত গান্ধী, ৰাহুল খান্না আৰু কৰিঅ’গ্ৰাফাৰ চিয়ামাক দাভাৰ।