বৰপেটা সদৰ নিকটৱৰ্তী উত্তৰ বৰপেটা হাইস্কুলত সদৌ অসম প্ৰাদেশীকৃত শিক্ষক(টিউটৰ) আৰু কৰ্মচাৰী যৌথ মঞ্চৰ বৰপেটা জিলা কমিটি গঠনাৰ্থে এখন সাধাৰণ সভা উত্তৰ বৰপেটা হাইস্কুল প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। ফকৰ উদ্দিন আলী আহমেদ মেমোৰিয়েল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বি এইচ হাইস্কুলৰ প্ৰ:শি: লিয়াকত আলীয়ে। উক্ত সভাত ক্ৰমে চলিত আগন্তুক মাহত সৰ্বস্তৰৰ বিদ্যালয় সমুহত নিযুক্ত টিউটৰ সকলক শিক্ষক হিচাপে মৰ্যদা দিয়া , বিগত ২০১৭-১৮ বৰ্ষৰ প্ৰাদেশীকিকৰণ আইনৰ শংশোধন ,অনাশিক্ষক কৰ্মচাৰীৰ দৰমহা নিয়মীয়াকৰণ কৰাৰ দাবীত ”ৰাজ ভৱন চলো” কাৰ্যসূচীৰ প্ৰতি সৰ্বাত্মক সমৰ্থন জনাই প্ৰস্তাৱ গ্ৰহন কৰা হয় । এইক্ষেত্ৰত কেন্দ্ৰীয় কমিটিৰ সকলো ধৰণৰ নীতি-নিৰ্দ্দেশনা মানি চলা হব বুলি সংক্ল্প লোৱা হয়। তদুপৰি আগন্তুক দিনত সকলো ধৰণৰ টিউটৰ সকলক সু-সংগঠিত কৰি জোৰদাৰ গণতান্ত্ৰিক আন্দোলনৰ পথ লবলৈ – ছানোৱাৰ ৰহমানক সভাপতি, ছবেদ ভূঞাক কাৰ্যকৰী সভাপতি ,ৰফিকুল ইছলামক মুখ্য সম্পাদক আৰু লিয়াকত আলীক সম্পাদক হিচাপে লৈ এখন ন-কৈ শক্তিশালী বৰপেটা জিলা প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) আৰু কৰ্মচাৰী যৌথ মঞ্চ কমিটি গঠন কৰা হয়। আনহাতে সভাৰ সিদ্ধান্ত মতে – ন্যায় পোৱাৰ বাবে শিক্ষক (টিউটৰ) কৰ্মচাৰীয়ে আন্দোলনৰ পথ লবলগীয়া হোৱাটো দুৰ্ভাগ্য জনক যদিও ন্যায়ৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ টিউটৰ-কৰ্মচাৰীয়ে যিকোনো প্ৰত্যাহ্বান গ্ৰহন কৰিবলৈ সাজু বুলি সংকল্প লোৱা হয় । উল্লেখ্য যে, ছবেদ ভূঞা, সঞ্জয় কুমাৰ দে, ধ্ৰুৱ দাস,ৰফিকুল ইছলাম, জাকিৰ হুছেইন আদি বিশিষ্ট ব্যক্তি সকলে গঠন মুলক পৰামৰ্শ প্ৰদান কৰাৰ অন্তত ক্ৰমে ছানোৱাৰ ৰহমানক মুখ্য সভাপতি,

ৰফিকুল ইছলামক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তি শালী বৰপেটা জিলা প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) আৰু কৰ্মচাৰী যৌথ মঞ্চ কমিটি গঠন কৰা হয়।