সৰুপথাৰত এজন ব্যক্তি আৰু এখন টোকাৰিক লৈ এতিয়া সকলোতে ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰই হৈছে টোকাৰি । কিন্তু শেষতীয়াকৈ পৰীক্ষামূলকভাৱে এই বাদ্যযন্ত্ৰবিধত WIFI সংযোজন কৰি সৰুপথাৰৰ পানজান অঞ্চলৰ কপিল গগৈ নামৰ এজন ব্যক্তি চৰ্চিত হৈছে। উল্লেখযোগ্য যে, সৰুপথাৰৰ লগতে ধনশিৰি মহকুমাৰ বিভিণ্ণ প্ৰান্তত শব্দযন্ত্ৰী হিচাপে কাম কৰি আহিছে কপিল গগৈ নামৰ ব্যক্তিজনে । বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে দিহানাম তথা টোকাৰি গীতৰ অনুষ্ঠানত শব্দ যোগান ধৰোতে অন্যান্য বাদ্যযন্ত্ৰৰ তুলনাত টোকাৰিৰ মাত কমকৈ শুনা পোৱা যায় । সেয়েহে অন্য বাদ্যৰ লগতে টোকাৰিৰো মাত যাতে দৰ্শকে ভালদৰে শুনিব পাৰে সেই বিষয়ত কপিল গগৈয়ে কৰা চিন্তা চৰ্চাৰ পিচত WIFI, TRANSMITER সংযোজিত এইখন টোকাৰিৰ সৃষ্টি হ’ল ৷ ইতিমধ্যে এই টোকাৰিৰ শব্দৰো পৰীক্ষণো সম্পূৰ্ণ হৈছে যাৰ ফলত এতিয়াৰে পৰা অন্যবাদ্যৰ লগতে টোকাৰিখনৰ মাতো স্পষ্টকৈ শুনা পাব ৷ বৰ্তমান সময়ত তেওঁ দুখনকৈ টোকাৰিত WIFI ব্যৱস্থা কৰিছে। কেৱল টোকাৰিতেই নহয় ভৱিষ্যতে ঢোল, খোল আৰু তবলা ইত্যাদি বাদ্যযন্ত্ৰটো এনে ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে।
