বৰপেটা,২০ জুলাইঃ বৰপেটা জিলাত হৈ যোৱা প্ৰলংকাৰী বানপানীত জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত চাউলখোৱা নদীৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই লৈ যোৱাৰ ফলত সম্প্ৰতি যন্ত্ৰচালিত নাওৰে বিপদ সংকুল যাতায়াত কৰিব লগা হৈছে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে। উল্লেখ্য যে, জনিয়াৰ পৰা বৰপেটা আৰু মন্দিয়ালৈ যোৱা একমাত্ৰ পথৰ মাজত থকা চাউলখোৱা নৈৰ ওপৰত পকী দলং নিৰ্মান হৈ আছে। পিছে নিৰ্মীয়মান দলংখনৰ কাম শামুকীয়া গতিত চলি থকাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হেঁচাত ঠিকাদৰে যাতায়ত কৰাৰ বাবে এখন অস্থায়ী কাঠৰ দলং নিৰ্মান কৰিছিল। যদিও ইতিমধ্যে হৈ যোৱা বানপানীত কাঠৰ দলঙৰ আধা অংশ উটুৱাই লৈ যোৱাৰ ফলত মৰণক শৰণ দি নাওৰে পাৰ হব লগা হৈছে দুৰ্ভূগীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শ-শ পথচাৰী ৰাইজে। উল্লেখ্য যে,ৰাজ্যৰ বিভিন্ন ঠাইত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। সেয়ে চাউলখোৱা নদীৰ ওপৰত নিৰ্মীয়মান দলংৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ দাবী লগতে ৰাইজে দাবী জনাইছে।