গুৱাহাটী,২১ জুলাইঃ নেশ্যনেল হেৰাল্ড গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে আজি কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী ই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। ই ডিৰ এই কাৰ্যৰ বাবে আজি সমগ্ৰ দেশতে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ লগতে অসমতো আজি কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছী নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে-হাতে প্লেকাৰ্ড আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে টানি-আজুৰি আটক কৰি লৈ যায়। চৰকাৰে বিৰোধীক দমন কৰাৰ উদ্দেশ্যেই এইদৰে ই ডিক ব্যৱহাৰ কৰা হৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছ দলে।