গুৱাহাটী,২১ জুলাইঃ ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীৰ সকলো মানুহক খোৱাপানী যোগান ধৰা হ’ব। কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে ৱেবচাইট মুকলি কৰি দিয়া ভাষণত এইদৰে কয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংঘালে। বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘালে কয় যে ৰাজ্য চৰকাৰে জাইকা সাহাৰ্যপ্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে ৷ জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ গৃহ সংযোগ সেৱাৰ এয়া ‘ট্ৰায়েল ৰাণ’ । জনসাধাৰণৰ অনলাইন আবেদনৰ বাবে ইতিমধ্যে মুকলি হৈছে ৱেবচাইট। কেন্দ্ৰীয় গুৱাহাটীৰ ১২১ টা জ’নৰ ভিতৰত ৫ জ’নতহে পৰীক্ষা মূলকভাৱে পানী যোগান ধৰিব । প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ৰ বাবে ৫ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ সামৰি লোৱা হৈছে । ডি এম এ ৫ ক ১ – অমিয়া নগৰ (অংশ), ৰামছা ৰিজাৰ্ভৰ এলেকা ; ডিএমএ ৫ ক ২ – অমিয়া নগৰ (অংশ), ৰুদ্ৰনগৰ ; ডিএমএ ৫ ক ৩ – কৃষ্ণ নগৰ, হলি ছাইল্ড এলেকা ; ডিএমএ ৫ ক ৪ – মিলনপুৰ, বামুনী মৈদাম, চান্দমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনি ; ডিএমএ ৫ ক ৫ – ৰাজগড় আৰু পূৱ শৰণীয়া অঞ্চলক সামৰি লোৱা হ’ব ।
এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীত যোগান ধৰা হ’ব জাইকাৰ খোৱাপানী।
পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ অন্যান্য অঞ্চলক সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷ তিনিমাহলৈ এই ‘ট্ৰায়েল ৰাণ’ৰ পিছত আকৌ নতুন ৭ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ সামৰি লোৱা হ’ব । নতুন ৭ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ত নাৰিকল বস্তি, শিলপুখুৰী, আৰ জি বৰুৱা ৰোড, নবীন নগৰ, অনিল নগৰ, তৰুণ নগৰ, ফাঁচীবজাৰ, চানমাৰি, গুৱাহাটী ক্লাৱ এলেকা সামৰি লোৱা হ’ব ৷ প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ত ৩০০০ হাজাৰ পৰিয়ালক পানী যোগান ধৰা হ’ব । ২০১১ চনতে আৰম্ভ কৰা জাইকা সাহাৰ্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ জৰিয়তে ১ লাখ ৩৫ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ বাবে নিদ্ধাৰণ কৰা হৈছিল । এতিয়া সেই সংখ্যা ২ লাখলৈ বৃদ্ধি হৈছে । ২০১১ চনতে আৰম্ভ কৰা জাইকা সাহাৰ্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ জৰিয়তে ১ লাখ ৩৫ হাজাৰ পৰিয়ালৰ ভিতৰত ১১ বছৰ পিছত মাত্ৰ ৩ হাজাৰ পৰিয়ালক পৰীক্ষামূলকভাৱে খোৱাপানী যোগান ধৰিব। লগতে মন্ত্ৰী অশোক সিংঘালে কয় যে অহা ২১ দিনৰ ভিতৰত নিদ্ধাৰিত এলেকাৰ মানুহে অনলাইন আৱেদন কৰিব লাগিব । প্ৰতি ঘৰ মানুহে আৱেদনৰ বাবে ৫০০ টকা মাচুল, পানীৰ পাইপ আৰু মিটাৰ সংযোগৰ বাবদ ৫০০০ টকা আৰু আমানতৰ ধন হিচাপে ২০০০ টকা আদায় দিব লাগিব । অৰ্থাৎ প্ৰতি ঘৰ মানুহে মুঠ ৭৫০০ টকা আদায় দিব লাগিব । দিনত মাত্ৰ দুবাৰ পানী দিয়া হ’ব । অনুষ্ঠান গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝা উপস্থিত আছিল।