জামুগুৰিহাট, ২৬ জুলাই, ২০২২ঃ স্বাধীনতাৰ ৭৫ বছৰত এইবাৰ ঘৰে ঘৰে উৰিব জাতীয় পতাকা । দেশৰ প্ৰধান মন্ত্ৰীৰ এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে জাতীয় পতাকা । জামুগুৰিহাটতো পঞ্চায়ত গামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকলে জাতীয় পতাকা নিৰ্মাণ কামত ব্যস্ত হৈ পৰিছে । ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে ২০০০ খনৰো অধিক পতাকা । আজি জামুগুৰিহাটৰ এটি পতাকা বিপনন কেন্দ্ৰ মুকলি কৰি অহা ১৩ আগষ্ট লৈকে প্ৰত্যেক ঘৰ মানুহে নিজৰ ঘৰত একোখন পতাকা উৰাব পৰাকৈ এইদৰে পতাকা তৈয়াৰ কৰি থকা দেখা গৈছে ।