জামুগুৰিহাট, ২০জুলাই ২০২২ঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উজৰাচুক গাঁৱৰ সমবায় এজেন্ট ৰাজীৱ শৰ্মাই দুখীয়া ৰাইজৰ বাবে আবন্টন হোৱা চাউল চোৰাংভাৱে বিক্ৰী কৰি থকা অৱস্থাতে আজি স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। ছিলাবন্ধা সমবায় সমিতিৰ দ্বাৰা আবন্টিত চাউল খিনি সমবায় এজেন্ট গৰাকীয়ে AS-12A-C- 6657 নম্বৰৰ চোটাহাতী গাড়ীত ৪০ বেগ চাউল চোৰাংভাৱে বিক্ৰী কৰি কৰিবলৈ প্ৰস্তুতি চলাওতেই গাঁওবাসী ৰাইজে গাড়ীসহ কৰায়ত্ব কৰি জামুগুৰি আৰক্ষীক অৱগত কৰোৱাৰ লগতে ভাৰতীয় খাদ্য নিগমৰ তেজপুৰ কাৰ্যালয়ৰ বিষয়ববীয়াক অৱগত কৰে।আৰক্ষীয়ে সমবায় এজেন্ট ৰাজীৱ শৰ্মাৰ লগতে গাড়ী চালক ভৱেশ দাসক আটক কৰাৰ লগতে ভাৰতীয় খাদ্য নিগমৰ শোণিতপুৰ জিলা বিষয়া তথা পৰিদৰ্শক লিজি বৰুৱাই এই সন্দৰ্ভত নিজাববীয়াকৈ জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে।