নিউজ ডেক্স : বাৰ্চিলোনাত ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ । স্পেইনৰ কৰ কৰ্তৃপক্ষই আদালতৰ কাষ চাপিছে গায়িকাগৰাকীৰ বিৰুদ্ধে । অভিযোগকাৰীসকলে দাবী কৰিছে যে ছাকিৰাই তেওঁৰ উপাৰ্জনৰ ১৪.৫ মিলিয়ন ইউৰোৰ কৰ স্পেইনৰ কৰ কাৰ্যালয়ক পৰা লুকুৱাই ৰাখিছে । ভাৰতীয় মুদ্ৰাত এয়া ১১৬ কোটি টকাৰো অধিক। ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত তেওঁ ইমানখিনি টকা উপাৰ্জন কৰিছিল। ৪৫ বছৰীয়া ৰক ষ্টাৰগৰাকীৰ বাবে সেয়ে এতিয়া এই সময়বোৰ ভাল নহয়।উল্লেখ্য যে, কিছুদিন পূৰ্বে বাৰ্চিলোনাৰ তাৰকা ফুটবলাৰ জেৰাৰ্ড পিকেৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে।
