বৰপেটা,১আগষ্ট ২০২২ঃ বৰপেটাত বান সাহাৰ্য্যৰ নামত অহা ৩৮০০ টকাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটাৰ গহেৰপাম গাওঁত সংঘটিত হৈছে এই অনিয়ম। সম্প্ৰতি শিৱিৰত থকা লোকে বান সাহাৰ্য্য নোপোৱাৰ অভিযোগত পাটবাউসী গাওঁ পঞ্চায়তত । প্ৰায় শতাধিক বঞ্চিত ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে,বান সাহাৰ্য্যৰ নামত চৰকাৰে দিয়া ৩৮০০ টকাৰ পৰা বহু প্ৰকৃত ক্ষতিগ্ৰস্ত বঞ্চিতৰ পৰিৱৰ্তে শিৱিৰত নথকা লোকে এই ধন লাভ কৰিছে । স্মৰ্তব্য যে, একমাত্ৰ গাঁও বুঢ়া সুশিল নাথে ৩০০ টকাকৈ উৎকোচ লোৱাৰ লগতে গাঁওবুঢ়াৰ গাফিলতিৰ বাবেই বানৰ প্ৰকৃত ক্ষতিগ্ৰস্তই সাহাৰ্য্য নাপালে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ।










