মানিকপুৰ, ১আগষ্ট ২০২২ঃ আই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাত জলমগ্ন হৈ পৰিছে অৰ্ধ শতাধিক ৰাজহ গাঁও। মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে ।কীৰ্ত্তনপাৰা – ডাঙাইগাও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যহত হৈ পৰিছে ।বিশুদ্ধ খোৱাপানীৰ অভাৱত বানাক্ৰান্ত লোক সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আই নৈৰ কাষত ২ নং বাশবাৰীত পূৰ্বৰ পৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকল আশ্ৰয় শিবিৰ পাতি আশ্ৰয় গ্ৰহন কৰি আছিল যদিওঁ সেয়া পানীৰ তলত ডুব গৈছে। জিলা প্ৰসাশনে উদ্ধাৰ অভিযান আৰম্ভ নকৰাত স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
